১৫ আগষ্টত আলফাৰ অসম বন্ধক কেন্দ্ৰ কৰি হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া

মালিকৰূপী চীনক সন্তুষ্ট কৰিবৰ বাবে গোলাম আলফাই দিছে অসম বন্ধ

0 106

উত্তৰ লখিমপুৰ,৯ আগষ্ট : মালিক চীনক সন্তুষ্ট কৰিবৰ বাবে গোলামৰূপী আলফাই এইবাৰ অসমত স্বাধীনতা দিৱস বৰ্জন তথা অসম বন্ধৰ আহ্বান দিছে।– এই মন্তব্য হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ। আজি এক বিবৃতিত এই মন্তব্য কৰি পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে সম্প্ৰতি নচলা পইচাত পৰিণত হোৱা আলফা(স্বা) এ চীনৰ আশ্ৰিত হৈ চীনৰ কূটনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে অসমত অশান্তি বিয়পাবলৈ এসোপামান অন্তসাৰশূন্য মন্তব্যৰে অসম বন্ধ ঘোষণা কৰাটো হাস্যকৰ। চীনে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কূটনৈতিক কৌশল হিচাপে টাইৱানক বিপদৰ সময়ত যাতে ভাৰতে কোনো কাৰণতে সহায় কৰিব নোৱাৰে তাৰ বাবে ভাৰতত থকা বিচ্ছিন্নতাবাদী সংগঠন, জেহাদী সংগঠন তথা উগ্ৰপন্থী সংগঠন সমূহক সহায় কৰাৰ আঁচনিৰ অংশ হিচাপে আলফাক সহায় কৰাৰ বাবে আগবাঢ়িছে আৰু চীনৰ সেই সেউজ সংকেত গ্ৰহণ কৰি ক্রমে শেষ হৈ যাবলৈ ওলোৱা আলফা (স্বা) এ ভাৰত তথা অসমক অশান্ত কৰাৰ বাবে উঠি পৰি লাগিছে আৰু এইবাৰৰ স্বাধীনতা দিৱস বৰ্জন তথা অসম বন্ধও ইয়াৰে অংশ বুলিও বৈশ্য আৰু দাসে মত পোষন কৰে। তেওঁলোকে লগতে কয় যে অসমৰ জনসাধাৰণে এতিয়া হিংসাৰ পৰিবেশৰ পৰা আঁতৰি উন্নতিৰ ফালে ধাৱমান হবলৈ আগবাঢ়িছে বাবে এতিয়া আলফা (স্বা)এ ক্রমাৎ হেৰুৱাইছে জনপ্ৰিয়তা আৰু গণভিত্তি বুলি বিবৃতিটোত মন্তব্য কৰিছে সংগঠনটোৰ নেতা দুগৰাকীয়ে। একেটা বিবৃতিতে বৈশ্য আৰু দাসে অসমৰ জনসাধাৰণক ব্যাপকভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈও আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.