১৮ আগষ্টত মহাজাগতিক পৰিঘটনা– ছায়াশূন্য দিন

0 138

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ আগষ্টঃ ১৮ আগষ্টত সংঘটিত হব মহাজাগতিক পৰিঘটনা– ছায়াশূন্য দিন। উল্লেখ্য বছৰত দুটা দিনত এই পৰিঘটনা দৃশ্যমান  হয়। সূৰ্যই সৰ্বোচ্চ উচ্চতাত অৱস্থান কৰাৰ বাবে দুপৰীয়া মানুহ বা আন বস্তুৰ ছাঁ দেখা পোৱা নাযায়। এই পৰিঘটনা সংঘটিত হয় +২৩ ডিগ্ৰী আৰু -২৩ ডিগ্ৰী অক্ষাংশত। ভাৰতত এই ছায়াশূন্য পৰিঘটনা ১৮ আগষ্টত সম্ভৱ হব বাংগালুৰুত। ভাৰতীয় সময় মতে দুপৰীয়া ১২.২৪ বজাত সূৰ্য মূৰৰ ওপৰত লম্বভাবে অৱস্থান কৰিব বাবে বাংগালুৰুত ছাঁয়াশূন্য পৰিঘটনা মানুহে অনুভৱ কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.