১৮ জানুৱাৰীৰ পৰা ৰঙানদী সাংস্কৃতিক উৎসৱ

0 4

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৪ ডিচেম্বৰঃ লখিমপুৰৰ বুকুৰে বোৱা ৰঙানদীৰ ঐতিহ্য আৰু সাংস্কৃতিক চেতনাক ধৰি ৰখাৰ উদেশ্য়ৰে প্ৰস্তুতি চলিছে ‘ৰঙানদী সাংস্কৃতিক উৎসৱ- ২০২৬’ৰ। ২০২৬ চনৰ ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰৰ পানীগাঁৱৰ সমীপৰ খাৰকাটি ফটাসুঁতি ঘাটৰ পকী দলঙৰ সমীপত অনুষ্ঠিত হ’ব ‘ৰঙানদী সাংস্কৃতিক উৎসৱ- ২০২৬’। আজি তাৰেই প্ৰস্তুতিৰ শুভাৰম্ভণি অনুষ্ঠান ফটাসুঁতি দলঙৰ সমীপত অনুষ্ঠিত হৈ যায়। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ স্বপ্নালী চেতিয়া গগৈয়ে উদ্বোধন কৰা অনুষ্ঠানটোত উপস্থিত থাকি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱা, DY365 ৰ সাংবাদিক কৰুণাকৃষ্ণ নাথ, সমাজকৰ্মী বিপুল বৰা, গোপাল কৃষ্ণ বৰা, লক্ষী বৰা আদি বিশিষ্ট ব্যক্তিসকলে বক্তব্য ৰাখে। দিহানাম পৰিবেশন আৰু মিচিং নৃত্যৰে মুখৰিত আজিৰ শুভাৰম্ভণি অনুষ্ঠানটোত ৰঙানদীপৰীয়া যথেষ্ট সংখ্যক ব্যক্তি উপস্থিত থাকে। দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা এই উৎসৱত গ্ৰন্থমেলা, বাণিজ্য মেলা, খাদ্য মেলা, বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন, ভাওনা, ৰাস, আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান, জুবিন গাৰ্গৰ গীত আৰু নৃত্য প্ৰতিযোগিতা, ফেশ্বন শ্ব’, দিহানাম প্ৰতিযোগিতা, ছাত্ৰ-ছাত্ৰীৰ মাজত কবিতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। তদুপৰি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰজাতিৰ অভিলেখ সংখ্যক মাছ ৰঙানদীত এৰি দিয়াৰো এক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ৰঙানদীক মুখ্য বিষয় হিচাপে লৈ এখন আলোচনা সত্ৰৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে ৰঙানদীপৰীয়া এশ গৰাকী শিল্পী, সাহিত্যিক-সমাজসেৱকক সম্বৰ্ধনা জনোৱা হ’ব। ৰঙানদী সাংস্কৃতিক উৎসৱৰ স্মাৰক গ্ৰন্থ ‘ফটাসুঁতি’ও এই অনুষ্ঠানতে প্ৰকাশ পাব। আয়োজক সমিতিয়ে মূল কাৰ্যসূচীৰ আটাইকেইটা দিনতে সকলোৰে উপস্থিতি কামনা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.