১৮ ডিচেম্বৰত নলবাৰীত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক

অসম সাহিত্য সভাৰ ৬৭তম নাৰায়ণপুৰ অধিৱেশনৰ স্থান পৰিদৰ্শন সভাপতি কুলধৰ শইকীয়াৰ

0 76
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৫ নৱেম্বৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰ তথা বৰখামটি পথাৰত এইবাৰ অহা ৩১ জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন অনুষ্ঠিত হ’ব৷ তদুপলক্ষে অধিৱেশনৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান তথা বুজ লোৱাৰ উদ্দেশ্যে আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ এটা দলে নাৰায়ণপুৰত উপস্থিত হৈ অধিৱেশনৰ কাম-কাজৰ বুজ লয়৷ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ নেতৃত্বত অহা দলটোৱে দুপৰীয়া আদৰণি সমিতিৰ কাৰ্যালয় তথা নাৰায়ণপুৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ আদৰণি সমিতিৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক মাখন তামুলীয়ে‍ উদ্দেশ্য ব্যাখ্যা কৰা আৰু কাৰ্যকৰী সভাপতি ড॰ শৰৎ হাজৰিকাই আঁতধৰা সভাখনত নাৰায়ণপুৰ অধিৱেশনৰ সন্দৰ্ভত বিতং ভাৱে আলোচনা কৰা হয়৷ কেন্দ্ৰীয় সমিতিয়ে ৪১খন উপসমিতিৰ বিষয়ববীয়াৰ লগতো আজি আলাপ আলোচনা কৰাৰ লগতে নাৰায়ণপুৰ অধিৱেশনৰ সন্দৰ্ভত বিভিন্ন দিশত সভাপতি কুলধৰ শইকীয়াৰ লগতে সম্পাদক যাদৱ শৰ্মা, সহকাৰী সম্পাদক মৃণাল হাজৰিকা, গিৰিশ সন্দিকৈ প্ৰমুখ্যে আটায়ে বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে অধিৱেশনৰ ৰূপৰেখা দাঙি ধৰে৷ ইয়াৰ পিছতে কেন্দ্ৰীয় সমিতিৰ লগতে নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ বিষয়ববীয়া, বিভিন্ন উপ-সমিতি আদিৰ কৰ্মকৰ্তাসকল অধিৱেশনস্থলী তথা বৰ খামটি পথাৰলৈ গৈ বিভিন্ন স্থান পৰিদৰ্শন কৰে৷ উল্লেখ্য যে অহা মাঘ মাহত অনুষ্ঠিত হ’ব লগা এই অধিৱেশনৰ বাবে ইতিমধ্যে আদৰণী সমিতিয়ে প্ৰায় ৬ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰি পুঁজি সংগ্ৰহৰ কামত ব্ৰতী হৈ পৰিছে৷ ইফালে আজি কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে কয় যে অহা ১৮ ডিচেম্বৰত নলবাৰীত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব আৰু এই সভাতে নাৰায়ণপুৰ অধিৱেশনৰ বিস্তৃত কাৰ্যসূচীৰ খচৰা প্ৰস্তুত কৰা হ’ব৷ ইয়াৰ পূৰ্বে আজি সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ একাদশ পুণ্যতিথি উপলক্ষে অসম সাহিত্য সভাই মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.