১৯৯০ চনৰ পৰা বিনা বেতনেৰে চাকৰি কৰা অগ্নিগড় বিদ্যাপীঠৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অৱশেষত আত্মহনন

0 0

শোচনীয় আৰ্থিক অৱস্থাৰ কথা প্ৰধান শিক্ষকলৈ লিখি থৈ ল’লে কঠোৰ সিদ্ধান্ত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৬ জুন : অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া বিভিন্ন দাবী আৰু হা-হুমুনিয়াহৰ মাজত আজি তেজপুৰত তেনে এখন আগশাৰীৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে অতি কৰুণ ভাৱে আত্মহননৰ পথ বাচি ল’ব লগা হোৱা ঘটনাই সকলোকে ম্ৰিয়মান কৰি তুলিছে । ১৯ ৮৫ চনতে তেজপুৰৰ জয়মতী পথাৰৰ সমীপত থকা দণ্ডিনাথ স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ একেটা চৌহদতে তেজপুৰৰ একাংশ শিক্ষানুৰাগী ৰাইজে গঢ়ি তুলিছিল “অগ্নিগড় বিদ্যাপীঠ” নামৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়তে ১৯৯০ চনৰ পৰা বিনা বেতনে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থকা অতি নম্ৰ আৰু অমায়িক স্বভাৱৰ নৰেণ নাথে কালি নিশা আত্মহননৰ পথ লোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে কালি নিশা ভাত পানী খাই শুই থকা নৰেণ বৰ্মণে পত্নী, পুত্ৰ আৰু এগৰাকী কন্যাই উমান নোপোৱাকৈ বিদ্যালয়খনৰ চৌহদতে থকা আবাস গৃহৰ পৰা আহি বিদ্যালয়খনৰ বাৰান্দাত চিপ লৈ আত্মহনন কৰে। পুৱতি নিশা পিতৃক নিজৰ বিচনাত দেখা নেপাই মাতৃ কন্যাই বিচাৰ-খোচাৰ কৰাৰ পিছত বিদ্যালয়ৰ চাবি কোচা নেদেখি বিদ্যালয়লৈ গৈ কন্যাই চিপ লৈ থকা অৱস্হাত উদ্ধাৰ কৰে বুলি আজি সাংবাদিকক জানিবলৈ দিয়াৰ লগতে প্ৰাদেশিকীকৰণৰ বাবে বাৰে বাৰে কাগজ পত্ৰ জমা দি দি দেউতাক ভাগৰি পৰাই নহয় পৰিয়ালটো চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছিল বুলি কান্দি কান্দি মন্তব্য কৰে। উল্লেখ্য যে, নৰেণ নাথৰ মাতৃয়ে একেটা চৌহদতে থকা দণ্ডিনাথ স্মৃতি প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ থাকোতেই উচ্চ ৰক্তচাপজনিত ৰোগত ষ্ট্ৰোক হোৱাৰ পিছত অকামিলা হৈ পৰাৰ বাবে সেই বিদ্যালয়তো চতুৰ্থ শ্ৰেণীৰ কাম কাজত সহায় কৰি আহিছিল যদিও কোনো এখন বিদ্যালয়ৰ পৰাই চৰকাৰী পাৰিতোষিক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল নৰেণ নাথে। দণ্ডিনাথ স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰী সকলে নিজাববীয়াকৈ পইচা সংগ্ৰহ কৰি মাজে মাজে কিছু ধন প্ৰদান কৰি অহা পৰিয়ালটো সেই সামান্য ধনৰাশিৰে চলিবলৈ সমূলি অসমৰ্থ হৈ পৰিছিল বুলি নৰেণ নাথৰ কন্যাই জানিবলৈ দি হতাশগ্ৰস্ত হৈয়েই আজি পিতৃয়ে সেই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিল বুলি উল্লেখ কৰে। আনহাতে এই আৰ্থিক সমস্যাৰ কথা উল্লেখ কৰি দণ্ডিনাথ স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজিত কলিতালৈ আত্মহননৰ পূৰ্বে এখন পত্ৰ লিখি থৈ গৈছে বুলিও জীয়াৰীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে আৰু সেই পত্ৰখনো উদ্ধাৰ কৰি লৈ গৈছে বুলি জানিব পৰা গৈছে। আনহাতে অতি অমায়িক নৰেণ নাথৰ এই আত্মহননৰ বাতৰিয়ে দুয়োখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিক মৰ্মাহত কৰি তুলিছে।

মন্তব্য দিয়ক

Your email address will not be published.