গুৱাহাটী, ১৯ এপ্ৰিলঃ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত ২০ এপ্ৰিলৰ বিয়লি ৩ বজাৰ পৰা সাধুকথাক জনপ্ৰিয় কৰাৰ অভিলাসী আঁচনিৰ অংশ হিচাপে ‘অসম সাহিত্য সভাৰ সাধু শুনো অনুষ্ঠান’ আয়োজন কৰা হৈছে । পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কাৰিকৰী প্ৰতিষ্ঠান আৰু বৃহত্তৰ বামুণীমৈদাম শাখা সাহিত্য সভাৰ সহযোগত গুৱাহাটীৰ বামুণীমৈদামস্থিত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কাৰিকৰী প্ৰতিষ্ঠান সভাকক্ষত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু বিশিষ্ট অতিথি হিচাপে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, লেখিকা-সাংবাদিক মাইনী মহন্ত, সাংবাদিক স্নিগ্ধাশিখা কে চি বৰা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতা উপস্থিত থাকিব । প্ৰতিষ্ঠানৰ অধ্যক্ষা ড° মধুমিতা কলিতাই আদৰণি ভাষণ দিব লগা উক্ত অনুষ্ঠানত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী সাক্ষী প্ৰিয়ম্বদা, নম্ৰতা ৰাভা, গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী নিৰ্মিতা ভট্টাচাৰ্য আৰু পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কাৰিকৰী প্ৰতিষ্ঠানৰ ছাত্ৰী ৰিমি টায়ে, অংকিতা গগৈ আৰু তুলিকা মেধিয়ে ভিন্ন নৃগোষ্ঠীয় সাধুকথা কব । উক্ত অনুষ্ঠানত সকলোৰে সহায়-সহযোগ তথা উপস্থিতি মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক দীপাংকৰ (অংকুৰ) ৰায়মেধি, বৃহত্তৰ বামুণীমৈদাম শাখা সভাৰ সভাপতি হৰিচৰণ মালীয়ে কামনা কৰিছে ।