২৪ এপ্ৰিলত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ জনজাতি সন্মিলন
বগীনদীৰ প্ৰতিবেদক, ২২এপ্ৰিল : লখিমপুৰ জিলা জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই ২৪ এপ্ৰিলত লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত সংবিধানৰ ৩৪২ নং ২(ক) অনুচ্ছেদ সংশোধন কৰি ধৰ্মান্তৰকৰণ ৰোধ কৰাৰ দাবীত এক বৃহৎ জনজাতি সন্মিলন আয়োজন কৰিছে। সন্মিলনত নিদিষ্ট বক্তা হিচাপে ড° জ্ঞানেন্দ্ৰ বৰ্মণ, বিশিষ্ট বক্তা হিচাপে মন্টুৰাম দাহাল, বৈদিক সমাজৰ সভাপতি প্ৰদীপ বৰাই আৰু আমন্ত্ৰিত অতিথি হিচাপে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱ কুমাৰ গাম, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ সম্পাদক লক্ষেশ্বৰ চেতীয়া, নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যাপক নৱৰাম সোণোৱালৰ লগতে বিশেষ অতিথি হিচাপে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, নৱ কুমাৰ দলে, অমিয় কুমাৰ ভূঞা আৰু ভৰত নৰহে অংশ গ্ৰহণ কৰিব বুলি মঞ্চৰ জিলা সভাপতি-সম্পাদক বিজু টাইদ আৰু পুস্কৰ পাৱে জানিবলৈ দিছে। সন্মিলনত জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহে কৃষ্টি প্ৰদৰ্শনো কৰিব। সেয়ে মঞ্চৰ কৰ্ম-কৰ্তা সকলে নাগৰিকৰ অংশগ্ৰহণ কামনা কৰিছে।
