২৪ এপ্ৰিলৰ পৰা ১মে’লৈকে চলিব কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী’ অভিযান

0 13

শতাব্দ প্ৰতিনিধি, বাক্সা :২২ এপ্ৰিল: অহা ২৪ এপ্ৰিলৰ পৰা ১ মে’লৈকে চলিব কিষান ভাগিদাৰী প্ৰাথমিকতা হামাৰী’ অভিযান। এই অভিযানৰ অংশ হিচাপে সমগ্ৰ ভাৰততে আৰম্ভ হ’ব এই অভিযান। দেশৰ লগতে বাক্সা জিলাতো আৰম্ভ হ’ব ‘কিষান ভাগিদাৰী প্ৰাথমিকতা হামাৰী’ অভিযান।‌ আজি বাক্সা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত জিলাৰ অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিনে কয় যে অহা ২৪ এপ্ৰিলৰ পৰা ১ মেলৈকে চলিব লগা অভিযানৰ ফলত জিলাখনৰ কৃষি, পশুপালন আৰু মীন পালকসকল বিশেষভাবে উপকৃত হ’ব। তেঁও জিলাখনত যিসকলৰ কিষাণ ক্ৰেডিট নাই সেইসকলক শীঘ্ৰেই কাৰ্ড প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি পিএমএচবিআই, পিএমজেজেবিৱাই আৰু এপিৱাই আঁচনিৰ হিতাধিকাৰী কৃষকসকলক কাৰ্ড প্ৰদানৰ উপৰি বেংকৰ পৰা কৃষক ঋণ প্ৰদান কৰা হ’ব বুলি কয়। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে অহা ২৪ এপ্ৰিলৰ পৰা ১মেৰ ভিতৰত কৃষকসকলক স্থানীয় ভিচিডিচি নাইবা জিলা কৃষি বিভাগৰ লগত শীঘ্ৰে যোগাযোগ কৰিবলৈ আহ্বান জনায়। এই সংবাদমেলত বাস্কা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ জ্যোতি বৰাৰ লগতে বিভিন্ন বেংকৰ বিষয়াসকলো উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.