শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৯ জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত কলাগুৰু গৰাকীৰ ৫৫ সংখ্যক স্মৃতিদিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা আজি বিয়লি কলাগুৰু গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই।বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ২৭ টাকৈ নাট্য দলৰ ২৭ খন নাটকেৰে আৰম্ভ হোৱা দুদিনীয়া কাৰ্যসূচী আৰম্ভ হয় বাণ থিয়েটাৰৰ শীৰ্ষ গীতেৰে। আনহাতে প্ৰতিযোগিতাৰ আৰম্ভনিতে এই প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশ গ্ৰহণ কৰা অসমৰ শিল্পকলা ক্ষেত্ৰখনৰ লগতে নাটশিল্প ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত গুৱাহাটীৰ মাণিক আহমেদ, যোৰহাটৰ পৱিত্ৰ বৰুৱা আৰু তেজপুৰৰ অলক নাথক পৰিচয় কৰি দিয়াৰ পিছত বংকিম শৰ্মাই উদ্বোধনী ভাষণত কলাগুৰু গৰাকীৰ জীৱন-দৰ্শনৰ ওপৰত চমুকৈ আলোকপাত কৰি কলাগুৰু গৰাকীৰ স্মৃতি বাণ থিয়েটাৰত যুগমীয়া কৰি ৰাখিবলৈ প্ৰতিবছৰে ধাৰাবাহিক ভাৱে এই প্ৰতিযোগিতা আয়োজন কৰি অহা হৈছে বুলি মন্তব্য কৰে। ইয়াৰ পিছতেই প্ৰথমখন নাটক তেজপুৰৰ নৱ সূৰুয নাট্য দলৰ “হঠাৎ এজাক বৰষুণ ” মঞ্চস্থ হোৱাৰ পিছত আজি প্ৰথম দিনটোত তেজপুৰৰ চিফুং নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰে “নিৰ্জনতাত বহু শব্দ সৰে “। আজিৰ আন আন নাটকসমূহ আছিল মাতৃ নাট্যগোষ্ঠী, ঢেকিয়াজুলি “বৈভৱ “দেখহ শুনহ নাট্যদল, বোকাখাত “শেষ ভাওনাৰ ভাও”, IFCRO তেজপুৰ “ছুটী ” ভেনাচ নাট্যগোষ্ঠী, মঙ্গলদৈ “জুয়ে পোৰা জীৱনৰ গদ্য”, স্বৰাজ শিবিৰ কৃষ্টি পৰিষদ,বৰকুৰা নলবাৰী “বিষন্ন প্ৰহৰ”, অভিনয়ম নাট্যগোষ্ঠী , দুলীয়াজান ” A political dream “, জেংৰাই , মঙ্গলদৈ “ডিগনিটি অৱ লেবাৰ”, যাযাবৰ নাট্যদল, বোকাখাত, “বৰ্ণান্ধতা”, নৱ সৃষ্টি নাট্যদল, পুৰনিগুদাম “অস্পষ্ট অনুভৱ আৰু অপেক্ষা”, চকীয়াপাৰা উদিত নাট্যগোষ্ঠী, মঙ্গলদৈ “প্ৰতিবাদ”, নিবেদন , নগাওঁ “ৰং ঘহা মুখ “, আঁক-বাক থিয়েটাৰ, বিহগুৰি “কাঁইট লগা জাল”, নটৰাজন নাট্যগোষ্ঠী, জামুগুৰিহাট “আজি ভগৱান আহিব”। আনহাতে যোৱা ১৭ জুনৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ কালিৰ দিনটোত প্ৰতিকূল বতৰকো নেওচি শিক্ষাৰ্থী সকলৰ মাজত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক বিভিন্ন প্ৰতিযোগিতাত সহস্ৰাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতাই উদ্বোধন কৰা ছাত্ৰ নেতা লক্ষ্যজ্যোতি হাজৰিকা সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত দৰং মহাবিদ্যালয়ৰ মনোজ বৰুৱা শ্ৰেষ্ঠ তাৰ্কিক হিচাপে বিবেচিত হোৱাৰ লগতে হাছান চাব্ৰিম ৰহমান আৰু ৰৌণক ৰূপক পৰাশৰ দলে শ্ৰেষ্ঠ স্হানৰ লগতে মৃন্ময় বৰা আৰু দিম্পীমণি দত্তৰ দলে দ্বিতীয় স্থান আৰু অনুপ্ৰেৰণা মহন্ত, মিন্টু ডেকাৰ দলে তৃতীয় স্থান লাভ কৰে। সেইদৰে ৰাজ্যখনৰ দক্ষ কুইজ পৰিচালক তথা দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়া আৰু বিদ্যুৎ বিভাগৰ তেজপুৰ সংমণ্ডলৰ সহকাৰী প্ৰবন্ধক বিদ্যুৎ বিকাশ বাইলুঙে অতি আকৰ্ষণীয়কৈ পৰিচালনা কৰা আৰু শোণিতপুৰ জিলা উন্নতি সভাৰ উপদেষ্টা বিপুল বৰাই উদ্বোধন কৰা ছাত্ৰ নেতা বসন্ত কাকতি সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চয়ন্তন শইকীয়া আৰু চানদীপন পাঠকে, দ্বিতীয় স্হান লাভ কৰে সাগৰ শৰ্মা আৰু পংকজ কলিতাই আৰু তৃতীয় স্থান লাভ কৰে শয়ন মজুমদাৰ আৰু মানস বৰাই, চতুৰ্থ স্থান লাভ কৰে বিজিত লাহন আৰু জিৎ শইকীয়া আৰু পঞ্চম স্হান লাভ কৰে হিমাংশু নাথ আৰু বিক্ৰমদেৱ ডেকা, ষষ্ঠ স্থান লাভ কৰে পাৰ্থজ্যোতি ভৰদ্বাজ আৰু ধ্ৰুপদ ডেকাই।সেইদৰে সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ছিপাঝাৰৰ ভাৱনা চহৰীয়াৰ দলে, দ্বিতীয় স্হান নগাঁৱৰ মণিকাঞ্চন দিহানাম মালাশ্ৰী হাজৰিকাৰ দলে, তৃতীয় স্থান লাভ কৰে মঙলদৈৰ পূবেৰুণ দিহানাম দলে। সেইদৰে শ্ৰেষ্ঠ নামতিৰ পুৰস্কাৰ লাভ কৰে ত্ৰিবেণী মহিলা সংঘৰ নামতি, শ্ৰেষ্ঠ নাগাৰা বাদক এনাজৰী দিহানাম দল আৰু শ্ৰেষ্ঠ তালীয়া বৰহমপুৰ আঞ্চলিক শিল্পী সমাজৰ চালিয়া। আনহাতে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই উদ্বোধন কৰা কালি প্ৰথম সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে ক্ৰমে – প্ৰবীণ বৰা, আস্হা ৰূপা আৰু মানৱ তেজে।

পৰৱৰ্তী লেখা