শতাব্দ ষ্টাফ ৰিপ’টাৰ তেজপুৰ, ২০ ছেপ্টেম্বৰ: শ্বহীদৰ নগৰী, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ দিৱস পালন কৰে ৷ এই কাৰ্য্যসূচীতে কংগ্ৰেছে বিশাল ৰেলী উলিয়ায়৷ অনুষ্ঠানত কেইবাগৰাকী জেষ্ঠ কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে।আজি ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ দিৱস৷ ”কৰিম কিম্বা মৰিম” সপোন লৈ দেশ মাতৃক পৰাধীনতাৰ পৰা মুক্ত কৰিবলৈ ওলাই আহি দেশ মাতৃৰ বাবে স্বাধীনতা সংগ্ৰামী সকলে স্বইচ্ছাই প্ৰাণ আহুতি দিছিল৷ হয়, আমি কব বিচাৰিছো ভাৰত ত্যাগ আন্দোলনৰ ঢেকীয়াজুলিৰ ১৩গৰাকী বীৰ -বীৰাংগনাৰ কথা এই শ্বহীদ সেই সময়ৰ জালিয়ানৱালাবাগৰ ঘটনাৰ পাছত দ্বিতীয়তো ঘটনা আমাৰ ঢেকীয়াজুলি বুলি কলেও ভুল কৰা নহয়। সেই ঐতিহাসিক দিনটো আছিল ১৯৪২চনৰ ২০ছেপ্টেম্বৰ৷ দেশ মাতৃক পৰাধীনতাৰ পৰা মুক্ত কৰাৰ বাবে গঠন কৰা মৃত্যু বাহিনীৰ সেনানীয়ে ঢেকীয়াজুলিৰ বৰগাওঁ, জহামাৰী আৰু ঘটুৱা শিৱিৰৰ পৰা সদমল কৰি আহি ঢেকীয়াজুলি আৰক্ষী থানাৰ মুধচত উৰি থকা ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগা পতাকা উৰুৱালৈ যাওঁতে ব্ৰিটিছ বাহিনীৰ হাতত আত্মবলিধান দিছিল৷ শ্বহীদ মনবৰ নাথ, তিলেশ্বৰী বৰুৱা, কুমলি দেৱী, খহুলি দেবী, মংগল কুৰ্কু, দয়াল দাস পানিকা, সৰুনাথ চুতীয়া, লেৰেলা কছাৰী, ৰতন কছাৰী, মনিৰাম কছাৰী আদিকে ধৰি ১১জন চিনাক্ত আৰু এজন ভিক্ষাৰী সহ এজন সন্যাসীও আছিল৷ মুঠ তেৰ গৰাকী শ্বহীদ হৈছিল ঢেকিয়াজুলি থানাত৷৷ আজি সৰ্বধৰ্ম প্ৰাৰ্থনা, শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, শোভাযাত্ৰা আৰু মূল সভা আদি কাৰ্যসূচীও অনুস্থিত হ’ল৷ এই উদ্দেশ্য কংগ্ৰেছে উলিয়াইছে বিশাল ৰেলী৷ ঢেকিয়াজুলি আৰক্ষী থানাৰ সমীপত থকা শ্বহীদ স্তম্ভত বীৰ বীৰাংগনালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পবন সিং ঘাটোৱাৰ, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামী, জেষ্ঠ নেতা অপূৰ্ব ভটাচাৰ্য, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকটি, বেনুধৰ নাথ আদিয়ে ৷ ৪২ৰ ঢেকিয়াজুলিৰ ১৩গৰাকী বীৰ বীৰাংগনালৈ শ্ৰদ্ধাঞ্জলিৰে স্মৰণ কৰে কংগ্ৰেছে।