৬ নৱেম্বৰত ৰাছিয়াৰ পৰা আহি তিনিচুকীয়াত ভাষণ দিব  ব্ৰহ্মকুমাৰী বি কে সন্তোষে  

0 28

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ নৱেম্বৰ : বিশ্বৰ ১৪৬ খন দেশত বিয়পি থকা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ কেন্দ্ৰৰ মুখ্য সঞ্চালিকা বি কে সন্তোষে অহা ৬ নৱেম্বৰত ব্ৰহ্মকুমাৰীৰ তিনিচুকীয়াৰ ৰংপুৰীয়াস্থ ব্ৰহ্মপুত্ৰ পীচ্‌ ভেলিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব ৷ ৰাছিয়ান ভাষাত দখল থকা বি কে সন্তোষে ১৯৯০ চনত ৰাছিয়াত উপস্থিত হৈ আন্তঃৰাষ্ট্ৰীয় সংস্থা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ জৰিয়তে ৰাছিয়াৰ স্থানীয় লোকৰ সৈতে ভাৱ বিনিময় কৰি আধ্যাত্মিক জ্ঞানৰ জৰিয়তে মানুহৰ মনৰ অশান্তি দূৰ কৰি কেনেদৰে এক সুস্থ, সৱল আৰু শান্তিপূৰ্ণ জীৱন ধাৰণ কৰিব পৰা যায় সেই বিষয়ত কাম কৰি আহিছে ৷ আজি ব্ৰহ্মকুমাৰীৰ তিনিচুকীয়াস্থ কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদমেলত কেন্দ্ৰটোৰ মুখ্য সঞ্চালিকা বি কে ৰজনীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ ৰাছিয়াত থকা সদস্য গৰাকীয়ে তিনিচুকীয়াত উপস্থিত হৈ ৬ নৱেম্বৰৰ দিনা এক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব ৷ আনহাতে ৫ নৱেম্বৰৰ দিনা বিয়লি ৫ বজাত ইয়াত উপস্থিত হ’বলগীয়া ব্ৰহ্মকুমাৰীৰ ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ কেন্দ্ৰৰ মুখ্য সঞ্চালিকা বি কে সন্তোষক অসমকে ধৰি উত্তৰপূবৰ সাতখন ৰাজ্যৰ সাংস্কৃতিক দলৰ দ্বাৰা আদৰণি জনোৱা হ’ব ৷ উদ্যোক্তাসকলে ৬ নৱেম্বৰৰ দিনা বিয়লি ৪ বজাৰ পৰা ৬ বজালৈ অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.