শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ মেঃ লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙানদীত আজি বিয়লি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। নাওবৈচাৰ নভগনীয়া গাঁৱৰ সমীপত ৰঙানদীৰ পানী যুঁৱলিত এই অচিনাক্ত মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। প্ৰায় ৪০ উৰ্দ্ধৰ লংপেন্ট-চাৰ্ট পৰিহিত, বগা ৰঙৰ এই লোকজনৰ মুখত যথেষ্ট পৰিমানৰ দাৰি থকা লোকজনক বাতৰি লিখা পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই। নাওবৈচা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ৭২ ঘন্টাৰ বাবে সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছে। অচিনাক্ত লোকজনৰ কেনেদৰে মৃত্যু হ’ল সেই কথা এতিয়াও পোহৰলৈ অহা নাই।