শৈলেন বৰুৱা
‘ৰুদ্ৰ’ নামৰ চিনেমাখনৰ কাৰ্যবাহী প্ৰযোজক হৃষীকেশ ভট্টাচাৰ্য্যই চিনেমাখন লখিমপুৰৰ ‘গল্ড চিনেমা’ত চাবলৈ নিমন্ত্ৰণ জনালে। সুধিলো ৰবি শৰ্মা আহিছে নেকি? ক’লে-ৰবি শৰ্মা কালিৰে পৰা লখিমপুৰত আছে।
মই চাবলৈ যাম, তেওঁক জনাই দিলো।
সময়ত গল্ড চিনেমা চৌহদ পালোগৈ। ক্ষন্তেক পিছতে ‘টীম ৰুদ্ৰ” পালেহি। বহু বছৰ ৰবি শৰ্মাক মুখামুখিকৈ লগ পোৱা নাই। চিনি নাপাব বুলিয়েই ভাবি আছিলো। সেয়ে বৰ বেছি আগ্ৰহো প্ৰকাশ কৰা নাছিলো। ইতিমধ্যে ৰবি শৰ্মাৰ বহু ‘ফেন’ আহি হলৰ চৌহদত উপস্থিত হল। বেছিভাগেই প্ৰিয় অভিনেতাজনৰ লগত চেলফি তুলিবলৈ খদমদম লগালে। অদূৰত মই আলেখলেখ চাই ৰৈ আছো। ৰবি শৰ্মাই ইজনৰ পিছত সিজন, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ লগত ফটো তুলি শেষ হ’ল বুলি হলৰ প্ৰৱেশদ্বাৰৰ ফালে যাবলৈ বিচাৰে, কিন্তু আকৌ কোনোবাই আব্দাৰ ধৰে- দাদা চিংগল একপি।
বেচ ভদ্ৰ বুলি ইতিমধ্যে বিবেচিত ৰবি শৰ্মাই কাকো বিমুখ কৰা নাই, সকলোৰে লগত ফটো উঠিছে। প্ৰৱেশদ্বাৰৰ প্ৰায় সন্মুখতে মই ৰৈ আছো।
চিনাকী-অচিনাকী বুলি কথা নাই। ব্যক্তিগতভাবে ৰবি শৰ্মাক ভালপাঁও, মোৰ অন্যতম প্ৰিয় অভিনেতা।চেলফী চিকাৰীৰ পৰা মুক্ত হৈ ৰবি শৰ্মাই যেতিয়া চিনেমা হললৈ সোমাবলৈ ধৰিলে হৃষীকেশে মোক চিনাকী কৰাই দিলে। এখেত অমুক…
ৰবি শৰ্মাক পোনপতীয়াকৈ সুধিলো-চিনিচেনে মোক?
ৰবি শৰ্মাই যেন মোৰ আপাদ মস্তক পঢ়ি পেলালে… স্বগতোক্তি কৰাৰ দৰে কৈ উঠিল..
পুৰণি মানুহ। ইয়াত কেনেকৈ! কেতিয়াৰ পৰা?
সেয়া আজিৰ পৰা ডেৰকুৰি বছৰ আগৰ কথা। অসমীয়়া চিনেমাৰ দুৰ্দিনৰ সময়ত আমি আছিলো চিনে জাৰ্নেলিষ্ট। অৰ্থাৎ চিনেমাৰ কথা, শ্বুটিঙৰ কথা, নাটকৰ কথা, থিয়েটাৰৰ কথা, কেছেটৰ কথা বাতৰি কাকতত লিখি জনোৱা মানুহ। কিমান যে কি নিলিখিছিলো তেতিয়া! এই সাংস্কৃতিক পৰিমণ্ডলটোৰ প্ৰায়বোৰ মানুহেই চিনাকী আছিল। কোনোবাজন চকুৰ চিনাকী, কোনোবাজন সান্নিধ্যৰে ভৰপুৰ খাচ চিনাকী। তেনে এক যোগসূত্ৰতে ৰবি শৰ্মাৰ লগত চিনাকী আছিল, নাছিল ঘনিষ্ঠতা। সেয়ে প্ৰায় দেৰকুৰি বছৰৰ পিছতো দেখা পাই ৰবি শৰ্মাই “চকুৰ চিনাকী” মানুহজনৰ মুখলৈ ক্ষন্তেক চাই কৈ উঠিল-পুৰণি মানুহ! ইয়াত কেনেকৈ?
থক। পুৰণি কথা থাকক। ৰবি শৰ্মাৰ নতুন চিনেমা “ৰুদ্ৰ” চালো। চাই কি নাপালো সেয়াহে কোৱাটো টান। এটা বাক্যত কবলৈ হলে-ৰুদ্ৰ এখন সফল চিনেমা। ট্ৰেজেদি, কমেডি, অসমীয়াৰ ৰুচিবোধসম্পন্ন সকলো আছে ৰুদ্ৰত। ফাইট ভালপোৱাসকলৰ বাবে গাখীৰতে ম’হৰ খুটি।
জনাই জানে, ৰবি শৰ্মা এজন অসমীয়াত্বৰে মহীয়ান চলচিত্ৰ অভিনেতা। কা আন্দোলনৰ সময়ত জাতিক “বিট্ৰে” নকৰা, পাভলুটি নমৰা এজন অত্যন্ত ভদ্ৰ মানুহ। ৰবি শৰ্মা পাহোৱাল ডেকা। পুৰণি অসমীয়া শব্দত- খামীডাঠ ডেকা।
ৰবি শৰ্মাই চিনেমাৰ নামত চিনেমা নকৰে, যেনেদৰে বলীউডৰ ষ্টাৰ আমীৰ খানে নকৰে। ৰবি শৰ্মাই যথেষ্ট চিন্তা চৰ্চাৰে চিনেমা ‘বনায়’। কাহিনী নিৰ্বাচনত তেওঁ সিদ্ধহস্ত। সকলো শ্ৰেণীৰ দৰ্শকক মনোৰঞ্জনক দিয়াৰ ক্ষেত্ৰত তেওঁ সচেতন ভাবেই চিকুৱেন্সবোৰ তৈয়াৰ কৰে। লোকেশ্বন নিৰ্বাচনতো “খৰচ বেছি হব, ওচৰে পাজৰে সামৰি থও” জাতীয় মনোভাৱৰ পৰা তেওঁ মুক্ত। ৰুদ্ৰতো ইয়াৰ প্ৰতিফলন ঘটিছে।
ৰুদ্ৰ চৰিত্ৰটো এক জটিল চৰিত্ৰ। এই জটিলতাক সাৰল্য গতিৰে আগবঢ়াই নিওতে দৰ্শকে বুজাত অসুবিধা হোৱা নাই যে ৰুদ্ৰ প্ৰকৃততে এক সৎ ব্যক্তি সত্ত্বা। যি ব্যক্তিত্বই উগ্ৰপন্থী সংগঠনৰ মাজত ঘটনাক্ৰমে থাকিও প্ৰবল প্ৰত্যাহবানেৰে হাতৰ মুঠিত জীৱটো লৈ ওলাই আহিবলৈ সক্ষম হয়। মানৱীয় প্ৰমূল্যৰ চূড়ান্ত নিদৰ্শন দেখুৱাই ৰুদ্ৰ চৰিত্ৰই ৰেল ষ্টেচনৰ ভিক্ষাৰী শিশু, কিশোৰ-কিশোৰীক আভিভাৱকত্বৰ মমতাৰে আৱৰি ৰাখি মানুহ হোৱাৰ পথত আগবঢ়াই লৈ গৈছে।
মুঠতে দুষ্টক দমন আৰু সন্তক পালনৰ যি ভাৰতীয় পুৰাতন সংস্কৃতিৰ মাৰ্গ তাক চিনেমাখনৰ শেষলৈকে ধৰি ৰখাত ৰুদ্ৰ সফল হৈছে।
চিনেমাখনৰ বাবে আটাইতকৈ উল্লেখযোগ্য কথাটো হল- অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল ইতিহাসত ৰুদ্ৰই এটা ঢাপ আগবঢ়াই দিলে। ৰুদ্ৰৰ হিন্দী ডাব কৰিলে ই বলীউডতো চিন ৰাখিবলৈ সক্ষম হব বুলিয়েই বিশ্বাস। সেয়ে কৈছো বলীউডী যিবোৰ শৈলী আমাৰ মানুহে ভাল পায় বা গ্ৰহণ কৰে তেনে ট্ৰিটমেণ্ট ৰুদ্ৰত পূৰামাত্ৰাই আছে।
চিনেমাখনৰ চাবলৈ ৰবি শৰ্মাৰ পাছে পাছে আমিও গ’ল্ড চিনেমাত প্ৰৱেশ কৰিলো। হলৰ ভিতৰতো চেলফি আতুৰৰ আগ্ৰহক ৰবি শৰ্মাই সহযোগ কৰিলে। অসমীয়া জাতিক উদ্যেশি নাতিদীৰ্ঘ ভাষণো দিলে। প্ৰায় প্ৰতিজনক কাষলৈ গৈ তেওঁলোকৰ লগত একপি একপিকৈ ফটো উঠি ৰবি শৰ্মাই প্ৰমাণ কৰি দিলে “চিনেমা এক্টৰ” নামৰ জীৱবিধ সাধাৰণ ৰাইজৰ বাবে ঢুকি নোপোৱা জোন নহয়। অসমীয়া মানুহে ৰবি শৰ্মাক ‘গ্ৰহণ’ (একচেপ্ট) কৰে এইবাবেই যে ৰবি শৰ্মাৰ কথা আৰু কামৰ মাজত তফাৎ নাই। চিনেমাতো এই কথা আৰু কামৰ মাজত মিল থকা মানুহজনক অসমীয়া মানুহে বিচাৰি পায়। সেয়ে কও ৰবি শৰ্মাই যদি “ৰাজনৈতিক লিপ্সা”ৰ পৰা আঁতৰি থাকি অতীত আৰু বৰ্তমানৰ ব্যক্তিত্বৰে সমুজ্জ্বল হৈ থাকে তেন্তে অতি কমেও আগন্তুক এটা দশক তেওঁ অসমীয়া চিনেমাত দপদপাই থাকিব পাৰিব আৰু অসমীয়া চিনেমায়ো আৰু বহুকেইটা ঢাপ অতিক্ৰম কৰিবলৈ সক্ষম হব।