ৰহস্যজনক ভাবে হত্যাৰ বলি হোৱা তেজপুৰৰ প্ৰাক্তন ছাত্ৰ নেতা বিশ্বজিৎ বৰাৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী

0 14

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২জুলাইঃ দুস্কৃতিকাৰীৰ হাতত নিহত হোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামিডাঠ যোদ্ধা বিশ্বজিৎ বৰাৰ আজি ২৯ সংখ্যক মৃত্যুবাৰ্ষিকীৰ দিনটোত তেজপুৰৰ জয়মতী সংঘ আৰু আৰ্ট চেন্টাৰৰ উদ্যোগত হজৰাপাৰ ৰাজহুৱা শ্মশানত গছপুলি ৰোপণৰ লগতে সমূহীয়া চাফাই অভিযান সম্পন্ন হয়। উল্লেখ্য যে, ১৯৯৪ চনৰ ১৮ জুলাইৰ দিনটোত তেতিয়াৰ আৰক্ষী অধীক্ষক গৰাকীৰ ওচৰলৈ যোৱাৰ পৰা নিৰুদ্দিষ্ট হৈ পৰাৰ পিছত ২২ জুলাইৰ দিনটোত উদ্ধাৰ হৈছিল অতি জনপ্ৰিয়, জাতীয়তাবাদী আৰু সাহসী ছাত্ৰ নেতা গৰাকীৰ ক্ষত বিক্ষত মৃতদেহ। তাৰ পৰৱৰ্তী বৰ্ষৰ পৰাই এই ছাত্ৰ নেতা গৰাকীৰ সোঁৱৰণত তেজপুৰৰ জয়মতী সংঘ আৰু ছাত্ৰ নেতা গৰাকী জড়িত হৈ থকা তেজপুৰ আৰ্ট চেন্টাৰে চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছিল। আজিৰ দিনটোতো তেজপুৰৰ জয়মতী সংঘৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, সাধাৰণ সম্পাদক নৰেণ শইকীয়া আৰু তেজপুৰ আৰ্ট চেন্টাৰৰ মৌচুমী শইকীয়া আৰু বিশ্বজিৎ বৰাৰ কনিষ্ঠ ভগ্নী ৰেখা বৰা আৰু হজৰাপাৰ শ্মশান সমিতিৰ নেতৃত্বত স্হানীয় হজৰাপাৰ ৰাজহুৱা শ্মশানত সমূহীয়া চাফাই অভিযান চলোৱাৰ লগতে বহুকেইটা মূল্যবান গছপুলি ৰোপণ কৰে। উল্লেখ্য যে, আজিৰ এই কাৰ্যসূচীত শ্মশানখনৰ আওতাত পৰা তেজপুৰ পৌৰসভাৰ ২ নং ৱাৰ্ডৰ পৌৰ সদস্য ড০ জয় শংকৰ হাজৰিকা, ৪ নং ৱাৰ্ডৰ পৌৰ সদস্য ঈশান বৰা, ১৭ নং ৱাৰ্ডৰ পৌৰ সদস্যা মধুস্মিতা হাজৰিকা, ১৮ নং ৱাৰ্ডৰ পৌৰ সদস্যা দীপা মণি শইকীয়া আৰু ১৯ নং ৱাৰ্ডৰ পৌৰ সদস্যা ৰিংকুমণি লহকৰৰ লগতে বিশ্বজিৎ বৰাৰ ভাতৃ প্ৰাক্তন ছাত্ৰ নেতা সুৰজিৎ বৰা, শোণিতপুৰ শিল্পী সমাজৰ কাৰ্যকৰী সভাপতি ৰণজিৎ শইকীয়া আদি উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.