শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৪ অক্টোবৰ : তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত কালিৰে পৰা আৰম্ভ হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলখনত অসম ৰাইফলছ চকাৰ দলে বঙাই গাঁও ইলেভেন ষ্টাৰ ক্লাবক ০-১ গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ২৯ মিনিটত ষ্টাইকাৰ এছ ৰমৰ সিঙৰ এটা পাছত সমূজ্বল ৰাভাই স্কৰ কৰি গলটো দিয়ে। অহা ১৬ অক্টোবৰত অনুষ্ঠিত হব লগা খেলখনত সঞ্জীৱন সমাজ নগাঁও আৰু এ এচ বি ৰ দলে অংশ গ্ৰহণ কৰিব