শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা খেলত অসম ৰাইফলছ চকাৰ দলে বঙাইগাঁও ইলেভেন ষ্টাৰ ক্লাৱক একমাত্ৰ গলৰ ব্যৱধানত পৰাভূত কৰে৷প্ৰতিদ্বন্দিতাপূৰ্ণ খেলখনৰ দ্বিতীয়াৰ্দ্ধৰ ২৯মিনিটত ৰাইফলছৰ এছ ৰমণ সিঙে বিজয়সূচক গলটো স্কৰ কৰে৷ উল্লেখযোগ্য যে, বঙাইগাঁৱৰ ইলেভেন ষ্টাৰ ক্লাৱৰ গলকীপাৰৰ দৰ্শনীয় প্ৰদৰ্শনে ৰাইফলছৰ বিজয় ব্যৱধানৰ পথ ৰুদ্ধ কৰে৷আজিৰ বিজয়ৰে ৰাইফলছে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত স্হান নিশ্চিত কৰে।