ৰাজ্যৰ ২২ খন জিলাত বা-মাৰলীৰ দুৰ্যোগ

এসপ্তাহত প্ৰাণ হেৰুৱালে কুৰিজনেঃ ৩,০১১ টা বাসগৃহ সম্পূৰ্ণ ৰূপে ধ্বংস

0 27

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ এপ্ৰিলঃ বান অহাৰ পূৰ্বেই পুনৰ প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যয়ৰ সন্মুখীন হ’ব লগা হৈছে অসম। প্ৰচণ্ড বা-মাৰলী, বজ্ৰপাত আৰু নেৰানেপেৰা বৰষুণৰ ফলত যোৱা এসপ্তাহৰ ভিতৰত ৰাজ্যখনত প্ৰাণ হেৰুৱাব লগীয়া হৈছে কুৰি জনকৈ লোকে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে শেহতীয়াকৈ জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিলৈকে ৰাজ্যখনৰ ২২ খন জিলাৰ ৮০ টা ৰাজহ চক্ৰৰ অধীনৰ ১,৪১০ খন গাঁৱৰ ৯৫,২৩৯ জন লোক বা-মাৰলী আৰু বজ্ৰপাতত ক্ষতিগ্ৰস্ত হৈছে। বিভাগটোৰ তথ্য অনুযায়ী এতিয়ালৈকে ৰাজ্যখনত ৩,০১১ টা বাসগৃহ সম্পূৰ্ণ ৰূপে ধ্বংস প্ৰাপ্ত হৈছে আৰু ১৯,২৫৬ টা গৃহ আংশিক ভাবে ক্ষতিগ্ৰস্ত হৈছে। ১,৩৩৭ হেক্টৰ ভূমিৰ শস্যক্ষেত্ৰও এই প্ৰাকৃতিক দুৰ্যোগত বিনষ্ট হৈছে। উল্লেখযোগ্য যে, ৰাজ্যখনৰ ভালেমান ঠাইত এতিয়াও বিদ্যুৎ যোগান ব্যাহত হৈ থকাত জনসাধাৰণৰ দৈনন্দিন জীৱন যাত্ৰা একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.