উত্তৰ লখিমপুৰ, ১৯ মে’: ৰাজ্যিক শিক্ষা আৰু গৱেষণা পৰিষদ অসমৰ নিৰ্দেশনাক্ৰমে লখিমপুৰ জিলাৰ আজাদস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্য্যায়ৰ যোগ অলিম্পিয়াডৰ বাবে লখিমপুৰ জিলাৰ চৰকাৰী বিদ্যালয়ৰ উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জিলাভিত্তিক যোগৰ এক প্ৰশিক্ষণ তথা জিলা দলটো নিৰ্বাচন সুকলমে সম্পন্ন কৰা হয়। উচ্চ প্ৰাথমিক ল’ৰা আৰু ছোৱালী শাখাত ক্ৰমে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ২২ জন ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা অনুষ্ঠানটো শুভ উদ্বোধন কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষা অঞ্জু বৰঠাকুৰে। তেওঁ কয় যে বৰ্তমান সময়ত আমি সকলোৱে নিৰোগী হৈ থাকিবলৈ হ’ল নিয়মীয়াকৈ যোগ্যাভ্যাস কৰাটো নিতান্তই প্ৰয়োজন। প্ৰশিক্ষক আৰু নিৰ্বাচক হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক তথা জিলাখনৰ এজন অন্যতম যোগ প্ৰশিক্ষক ড° দেৱৰঞ্জন দুৱৰা আৰু আয়ুস মন্ত্ৰণালয়ৰ দ্বাৰা লখিমপুৰ উন্নয়ন খণ্ডত নিয়োজিত যোগ প্ৰশিক্ষক দীক্ষা হাজৰিকা । আজিৰ অনুষ্ঠানটো আঁত ধৰে প্ৰতিষ্ঠানখনৰ পি.এছ.টি.ই. বিভাগৰ শাৰীৰিক শিক্ষাৰ প্ৰবক্তা মণ্টু বুঢ়াগোহাঁয়ে আৰু তেওঁক সহযোগ কৰে আই.এফ.আই.চি. বিভাগৰ প্ৰবক্তা গুণ গোবিন্দ সোণোৱালে। অনুষ্ঠানটোৰ শেষত জিলা দলটো ঘোষণা কৰা হয় আৰু দলটোত স্থানপ্ৰাপ্ত সকল ক্ৰমে উচ্চ প্ৰাথমিকত ন-আলি অৱনাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ জোৱানাচ দলে আৰু শ’লাল তেলাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পূজা শইকীয়া, আনহাতে উচ্চ মাধ্যমিক শাখাত ন-আলি অৱনৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মনিধৰ পেগু আৰু তেলাহী মাজৰ চাপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছুনীয়া পেগু।
ৰাজ্যিক যোগ অলিম্পিয়াডৰ বাবে লখিমপুৰ জিলা দল গঠন