ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলৰ সফলতা

0 49

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ মে : চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সদ্য সমাপ্ত ৪২তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলে বিশেষ সফলতা অৰ্জন কৰে। যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰা ইছলাম আহমেদ ৭০ বছৰ উৰ্ধৰ লং জাম্পত ৰূপৰ পদক, ৬৫ বছৰৰ উৰ্ধৰ ৰীতা বৰচেতিয়াই ৫ কিলো মিটাৰ খোজ কঢ়াত ব্ৰঞ্জ, ট্ৰিপুলছেছত ৰূপৰ পদক আৰু পূৰ্ণিমা শৰ্মাই ৪০০মিটাৰত ব্ৰঞ্জ, আৰু ৪x১০০ মিটাৰ ৰিলে দৌৰত ব্ৰঞ্জ পদক অৰ্জন কৰিছে। ছেপ্টেম্বৰত হব লগা এছিয়ান চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰিবলৈ এই দলটোৱে যোগ্যতা অৰ্জন কৰিছে বুলি সাধাৰণ সম্পাদক দীপক জ্যোতি বৰাই জানিবলৈ দিছে । যোৰহাট মাষ্টাৰছ এথলেটিকচৰ সভাপতি ডাঃ গোলাপ ডেকা, কাৰ্যকৰী সভাপতি আবনী কুমাৰ চেতিয়াই প্ৰবীণ দলটোক অভিনন্দন লগতে এছিয়ান গেমছৰ প্ৰস্তুতি চলাবলৈ আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.