নাৰায়ণপুৰ,১ এপ্ৰিলঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মেৰমুখত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ একাদশ কেন্দ্ৰীয় পূৰ্ণাঙ্গ অধিৱেশনত সোৱণশিৰিয়া কবি ৰূপম বৰাৰ দুখন কাব্যগ্ৰন্থ ক্ৰমে “মোৰ কবিতা পৃথিৱীৰ কবিতা” আৰু “জংকি পানেই দেশৰ কবিতা ” উন্মোচন কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। দুয়োখন গ্ৰন্থ উন্মোচন কৰি যুৱ কবিগৰাকীৰ কাব্য ক্ষেত্ৰৰ দখল আৰু কবিতাবোৰৰ মাজত নিহিত গভীৰ মানবীয়তাবোধৰ উষ্ম প্ৰশংসা কৰে। ৰূপম বৰাৰ প্ৰকাশভংগী আৰু অন্তৰালৰ ঘটনাপ্ৰৱাহ সাম্প্ৰতিক কালৰ বহু পৰিৱেশ আৰু পৰিস্থিতিৰ কাব্যিক দলিল হৈ মানুহৰ অন্তৰে অন্তৰে বিয়পি থাকিব বুলিও তেখেতে মতপ্ৰকাশ কৰে।
কবি ৰূপম বৰা ইতিপূৰ্বে অসমৰ এটি চিনাকি নামলৈ ৰূপান্তৰিত হৈছে।অসমৰ স্বনামধন্য বহু ব্যক্তি, আবৃত্তিকাৰ আৰু অভিনেতা অভিনেত্ৰী,গায়ক-গায়িকাই তেখেতৰ কবিতা আবৃত্তি কৰিছে। বিশেষকৈ গণচেতনাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাই ৰূপম বৰাৰ কবিতা জনতাৰ মাজলৈ প্ৰৱাহিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা