শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ নৱেম্বৰ মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ৰেগিঙৰ বিষয়টো চোৱা-চিতা কৰাত ‘ব্যৰ্থ’ হোৱাক লৈ তীব্ৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে ৰাজ্যৰ মন্ত্ৰীসভাই “ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰেগিঙৰ বিষয়টো যিদৰে চম্ভালিলে তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে”। মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যখনকে স্তম্ভিত কৰি তোলা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত চাঞ্চল্যকৰ আনন্দ শৰ্মা ৰেগিং গোচৰৰ কথা উল্লেখ কৰি অৱগত কৰে যে ৰাজ্যৰ আৰক্ষী বিভাগক এই ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনক তদন্তৰ আওতালৈ আনিবলৈ কোৱা হৈছে। মুখ্যমন্ত্ৰীজনে লগতে কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আত্মতুষ্টি প্ৰকাশ কৰা দেখা গৈছে আৰু ঘটনাটো ঢাকিবলৈ চেষ্টা কৰিছিল। তেওঁ কয়— “কোনোবাই যদি কিবা লুকুৱাবলৈ চেষ্টা কৰিছে, তেন্তে কোনো এজনকে ৰেহাই দিয়া নহ’ব।” তেওঁ লগতে কয়— ‘’ৰেগিঙৰ প্ৰতি আমি শূন্য সহনশীল।”