ৰোগীৰ পেটত ওলাল ২৪০টা মুদ্ৰা

স্তম্ভিত অস্ত্ৰোপচাৰকাৰী চিকিৎসক

0 12
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুনঃ প্ৰায় ২৪০ টা মুদ্ৰা, নখৰ টুকুৰা, বেটাৰী, চুম্বক, স্ক্ৰু, কাঁচৰ টুকুৰা! নাই, জাবৰ-জোঁথৰ বা ডাষ্টবিন নহয় এয়া। এয়া এজন ৰোগীৰ পেটহে। এই সকলোবোৰ এজন ব্যক্তিৰ পেটত উদ্ধাৰ হৈছে। যিটো ঘটনাত আচৰিত হৈ পৰিছে সংশ্লিষ্ট চিকিৎসকসকল! তুৰস্কত সংঘটিত হৈছে এই ঘটনা। পেটৰ প্ৰচণ্ড বিষত এজন ৩৫ বছৰীয়া ৰোগী চিকিৎসকৰ ওচৰলৈ গৈছিল। কিন্তু দৰব খাবলৈ দিয়াৰ পিছতো বিষটো একেবাৰে নকমিল। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পিছত ডাক্তৰে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয়। অস্ত্ৰোপচাৰৰ পিছত ৰোগীজনৰ পেটত দেখা গ’ল উল্লিখিত সামগ্ৰীসমূহ। অস্ত্ৰোপচাৰৰ জৰিয়তে উক্ত সামগ্ৰীসমূহ আঁতৰাই পেলোৱা হয়। অৱশ্যে ৰোগীজনৰ নাম প্ৰকাশ কৰা হোৱা নাই। অস্ত্ৰোপচাৰৰ দ্বাৰা তেওঁৰ পেটৰ পৰা এটা এটাকৈ ২৩৩ টা মুদ্ৰা, নখ, বেটাৰী, চুম্বক, স্ক্ৰু আৰু কাঁচৰ টুকুৰাবোৰ দ্বাৰা আঁতৰাই পেলোৱা হয়। সংশ্লিষ্ট অস্ত্ৰোপচাৰ বিশেষজ্ঞগৰাকীয়ে কয় যে, তেওঁলোকে সেই ব্যক্তিজনৰ পেট সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিছে। চিকিৎসকজনৰ মতে, এই অস্ত্ৰোপচাৰ তেওঁৰ জীৱনৰ এক মাইলৰ খুঁটি। এনে ঘটনা অতি বিৰল বুলিও তেওঁ কয়।
মন্তব্য দিয়ক

Your email address will not be published.