সংস্কৃত ভাষা সাহিত্যৰ গৱেষক,অধ্যাপক থানেশ্বৰ শৰ্মাক গীতানগৰ বিহু সন্মিলনৰ সম্বৰ্ধনা

0 47

 গুৱাহাটী, ১৬ এপ্ৰিলঃ ৪৩ সংখ্যক গীতানগৰ বিহু সন্মিলনৰ উদ্যোগত গুৱাহাটীৰ গীতানগৰ অঞ্চলৰ বিশিষ্ট নাগৰিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰী অধ্যাপক, সংস্কৃত ভাষা সাহিত্যৰ গৱেষক, পন্ডিত থানেশ্বৰ শৰ্মাক  ১৫এপ্ৰিলত ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে ভাষা সাহিত্যৰ নীৰৱ সাধক শৰ্মাই শিক্ষকতাৰ উপৰি সংস্কৃত, অসমীয়া আৰু ইংৰাজী ভাষাত শতাধিক গ্ৰন্থ ৰচনা কৰি ভাষা-সাহিত্যৰ গৱেষণা ক্ষেত্ৰলৈ বিশেষ বৰঙনি আগবঢ়াইছে। গীতানগৰ দুৰ্গা পূজা, বিহু সন্মিলন আদিৰ লগত জড়িত হৈ থকা অধ্যাপক থানেশ্বৰ শৰ্মাই অসমৰ সাহিত্য, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ চিন স্বৰূপে গীতানগৰ বিহু সন্মিলনৰ তৰফৰ পৰা তেখেতক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। স্বাস্থ্যজনিত কাৰণত বিহু তলীত উপস্থিত থাকিবলৈ অপৰাগ হোৱা শৰ্মাক বিহু কমিটিৰ উপদেষ্টামন্ডলী, সাধাৰণ সম্পাদক, আৰু অন্যান্য জ্যেষ্ঠ বিষয়-ববীয়াসকলে তেখেতৰ নিজা বাসগৃহলৈ গৈ আনুষ্ঠানিক সম্বৰ্ধনা জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.