শতাব্দ প্ৰতিনিধি, মাজুলী,১৬,এপ্ৰিল: ৰঙালীৰ উচাহৰ মাজতে মাজুলীত সংঘটিত শোকাৱহ এক দুৰ্ঘটনাই সকলোৰে মন সেমেকাই তুলিছে। আজি বিয়লি জেংৰাইমুখত জেংৰাই চাপৰিৰ এটি ৮ বছৰীয়া শিশুৱে বিহু মাৰিবলৈ গৈ থকা অৱস্থাত শিশুটোক ফুলনি দিশৰ পৰা জেংৰাইমুখ অভিমুখে তীব্ৰ বেগেৰে আহি থকা এখন অচিনাক্ত চুইফট ডিজায়াৰ বাহনে মহতিয়াই লৈ যায়। ফলত শিশুটিৰ থিতাতে মৃত্যু হয়। ঘটনাৰ পিছতে শিশুটিক ততাতৈয়াকৈ জেংৰাইমুখ মডেল হস্পাতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে। ঘটনা সংঘটিত কৰিয়েই অচিনাক্ত গাড়ীখনে তীব্ৰ বেগেৰে পলায়ন কৰে। মৃত শিশুটিৰ নাম ৰোহন পাতিৰ বুলি জানিব পৰা গৈছে। বিহুৰ দিনাই দুৰ্ঘটনাত নিজ সন্তানক আকালতে হেৰুৱাই এতিয়া ব্যাকুল হৈ পৰিছে মৃত শিশুটিৰ পিতৃ-মাতৃ। জেংৰাইমুখ আৰক্ষীয়ে বাহনখনৰ বিৰুদ্ধে অভিযান চলাইছে যদিও বৰ্তমানলৈকে গাড়ী খনৰ শুংসূত্ৰ পোৱা নাই বুলি জানিব পৰা গৈছে। এইদৰেই অসমীয়া নৱবৰ্ষৰ দ্বিতীয় দিনটোতে নিমিষতে থানবান হৈ গ’ল এটা পৰিয়ালৰ সপোন।