শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ এপ্রিল : পাকিস্তানৰ প্রধানমন্ত্রীৰ গাদীত বহিয়েই সোঁতৰ বিপৰীতে সাঁতুৰিছে চাহবাজ শ্বৰিফ। চৰকাৰী কর্মচাৰীসকলৰ কামৰ সময় কমোৱাৰ দাবী অগ্রাহ্য কৰি তেওঁ বঢ়াইহে দিছে। মুদ্রাস্ফীতি ৰোধৰ সমান্তৰালভাৱে অর্থনৈতিক ক্ষেত্রক আগুৱাই নিবৰ বাবেই এনে কৰা বুলি দাবী চাহবাজ শ্বৰিফৰ। অথচ পাকিস্তানৰ একেবাৰেই বিপৰীত বিন্দুত অৱস্থান সংযুক্ত আৰৱ আমিৰশ্বাহী চৰকাৰৰ। চলিত বছৰৰ পৰা সেই দেশত দৈনিক কামৰ সময় কমাই আনি চাৰে ৪ ঘণ্টা কৰা হৈছে। এই প্রসঙ্গতে চাব পাৰি, বিশ্বৰ কোন দেশে সপ্তাহত গড়ে কিমান সময় কামৰ বাবে নিৰ্ধাৰণ কৰি থৈছে। কোন দেশৰ কর্মচাৰীয়ে দিনে গড়ে কিমান সময় কাম কৰিব, সেয়া নির্ধাৰণৰ নেপথ্যত কিছু বিষয় মনত ৰাখিবলগীয়া হয় সংশ্লিষ্ট কর্তৃপক্ষই। এই ক্ষেত্রত কর্মচাৰীয়ে কোন কর্মক্ষেত্রত কিমান সময় কাম কৰিছে, সেয়া অন্যতম গুৰুত্বপূর্ণ বিষয়। বিশ্বৰ সৰ্বত্ৰ সাপ্তাহিক কামৰ গড় সময় যে একেই নহয়, সেয়া স্বাভাৱিক। কাৰ্যতঃ এই ক্ষেত্ৰত উন্নয়নশীল আৰু উন্নত দেশবোৰৰ মাজত যথেষ্ট পার্থক্য আছে। সাধাৰণতে দেখা গৈছে যে, এছীয় দেশবোৰত বেছি সময় কাৰ্যালয়ত কটাবলগীয়া হয় কর্মচাৰীসকলে। তাৰ তুলনাত বেছিভাগ ইউৰোপীয় দেশৰ কর্মচাৰীৰৰ কামৰ গড় সময় অনেক কম। উত্তৰ বা লেটিন আমেৰিকাৰ বাসিন্দাসকলেও এছীয়সকলৰ তুলনাত কম সময় কাম কৰিবলগীয়া হয় যদিও ইউৰোপীয় দেশবোৰৰ তুলনাত বেছি সময় কাম কৰিবলগীয়া হয়। পাকিস্তানৰ প্রধানমন্ত্রী হিচাপে কার্যভাৰ লোৱাৰ প্রথম দিনাই নতুন নির্দেশ দিছে চাহবাজ শ্বৰিফে। চৰকাৰী কর্মীসকলে দিনে ১০ ঘণ্টাকৈ কাম কৰিব লাগিব বুলি তেওঁ ঘোষণা কৰিছে। লগে লগে সাপ্তাহিক ছুটীৰ দিনো কমাই আনিছে পাক প্রধানমন্ত্রীয়ে। তেওঁৰ নির্দেশ, এতিয়াৰ পৰা দুদিনৰ সলনি কেৱল মাত্র দেওবাৰে ছুটী পাব কৰ্মচাৰীয়ে। ভাৰত আৰু পাকিস্তানক বাদ দি বিশ্বৰ অন্যান্য দেশৰফালে লক্ষ্য কৰিলে দেখা যায় যে, বেছিভাগ দেশতেই প্রতি সপ্তাহত গড়ে ৪০ ঘণ্টা কাম কৰাৰ নির্দেশ বলবৎ আছে। যদিও কর্মক্ষেত্রৰ ওপৰত এই সময়ৰ হিচাপ নির্ভৰ কৰে। কর্মক্ষেত্রত এজনে কিমান সময় ব্যয় কৰে? এই প্রশ্নৰ উত্তৰ দিয়াটো বৰ এটা সহজ নহয়। বিভিন্ন পৰিসংখ্যাত চকু ফুৰাই দেখা গৈছে যে, উচ্চ আয়ৰ দেশবোৰত গড়ে কম সময় কর্মক্ষেত্রত কামৰ নিদান আছে। অথচ মধ্য আয়ৰ বা উন্নয়নশীল দেশবোৰত সাধাৰণতে বেছি সময় কর্মক্ষেত্রত কটাবলগীয়া হয়। ২০১৯ চনত এক প্ৰতিবেদনত কেলিফর্নিয়া আৰু গ্রোনিনজেন বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলৰ দাবী আছিল— দক্ষিণ-পূব এছীয় দেশবোৰৰ ভিতৰত গড়ে সকলোতকৈ বেছি কাম কৰিবলগীয়া হয় কম্বোডিয়াত। সেই দেশৰ কর্মচাৰীয়ে প্রতি সপ্তাহত গড়ে ৪৭.৬ ঘণ্টা কর্মক্ষেত্রত কটাবলগীয়া হয়। কম্বোডিয়াৰ পিছতেই ইছে ম্যানমাৰ (৪৭.১ ঘণ্টা), বাংলাদেশ (৪৬.৫ ঘণ্টা), ছিংগাপুৰ (৪৪.৮ ঘণ্টা), মালয়েছিয়া (৪২.৩ ঘণ্টা)। এই তালিকাত দক্ষিণ আফ্রিকাও আছে। সেই দেশত সপ্তাহত গড়ে ৪২.১ ঘণ্টা কামৰ নিদান আছে। সপ্তম স্থানত আছে চীন। সেই দেশত প্রতি সপ্তাহে গড়ে ৪১.৭ ঘণ্টা কাম কৰিবলগীয়া হয়। বিশ্বৰ কোনবোৰ দেশৰ কর্মচাৰীয়ে কর্মক্ষেত্রত কম সময় ব্যয় কৰে? ২০১৯ চনত ‘অর্গেনাইজেচন ফৰ ইক’নমিক কৰ্পাৰেচন এণ্ড ডেভেলপমেন্ট’-এ চলোৱা এক সমীক্ষাত জানিব পৰা গৈছিল যে, এই ক্ষেত্রত শীর্ষত আছে জার্মানী। ৩৮খন দেশৰ এই সংগঠনৰ দাবী— জার্মানীত সপ্তাহত গড়ে ২৫.৬ ঘণ্টা কামৰ নির্দেশ আছে। ইয়াৰ পিছতেই আছে ডেনমার্ক (২৫.৯ ঘণ্টা), গ্রেট ব্রিটেইন (২৬.২৯ ঘণ্টা), নৰৱে (২৬.৩ ঘণ্টা) আৰু নেদাৰলেণ্ডছ (২৬.৯ ঘণ্টা)। ২০ মার্চত ‘আন্তর্জাতিক সুখ দিৱস’-ৰ পূৰ্বে প্রকাশিত ৰাষ্ট্রসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, ডেনমার্কসহ উল্লিখিত পাঁচখন দেশেই ‘সুখী দেশ’ৰ তালিকাত ওপৰৰফালে আছে। বিষয়টো কাকতালীয় নেকি?