উল্কাপাতৰ লগতে ভিনগ্রহীও আহে পৃথিৱীলৈ!

নিশ্চিত কৰিলছ মার্কিন স্পেচ কমাণ্ডে

1 53

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ এপ্ৰিল : এলিয়েন অর্থাৎ ভিনগ্রহী যাক লৈ বিশ্ববাসীৰ অলেখ আগ্রহ আছে। সঁচাকৈয়ে কি ভিনগ্রহী আছে, তেওঁলোক কি পৃথিৱীলৈ আহে- এই লৈ সঘনাই আলোচনা হয়। সম্প্রতি মার্কিন যুক্তৰাষ্ট্রৰ স্পেচ কমাণ্ডে নিশ্চিত কৰিছে যে, ভিনগ্রহী আহিছিল পৃথিৱীলৈ। ইয়াতেই বিষয়টো শেষ নহয়। হাড় শীতল কৰা ৰিপ’র্টটোত কোৱা হৈছে যে, ২০১৪ চনৰ জানুৱাৰীত পৃথিৱীত যিটো উল্কা পৰিছিল সেইটো এই সৌৰজগতৰ নহয়। অন্য সৌৰজগতৰ পৰা আহিছিল। সেইটো আছিল পৃথিৱীলৈ অহা প্রথম আন্তঃনাক্ষত্রিক বস্তু। এই মাহৰ আৰম্ভণিতে USSC হার্ভার্ডৰ জ্যোতিৰ্বিজ্ঞানী আমিৰ চিৰাজ আৰু আব্রাহাম লোয়েবে এটা বিবৃতি ছেয়াৰ কৰিছিল ছ’চিয়েল মিডিয়াত। তাত কোৱা হৈছে যে, ভিন্ন সৌৰজগতৰ পৰা এটা পাথৰ ২০১৪ চনত পৃথিৱীলৈ আহিছিল। মার্কিন মহাকাশ বিভাগে জনাইছে, উল্কাটোৰ গতিবেগ অন্য উল্কাৰ তুলনাত পৃথক। এইটো আছিল এটা এক্সট্র’ছলাৰ। ইয়াৰ আয়তন আছিল ১.৫ ফুট। গোটেইটো আছিল শিলৰ। নিশ্চিতকৈ কোৱা হৈছিল যে, এইটো এটা আন্তঃনাক্ষত্রিক বস্তু। মার্কিন স্পেচ কমাণ্ডে চিৰিজ আৰু লোবেয়ৰ গৱেষণা পত্ৰৰ কথা তুলি ধৰি কৈছে যে, এইটো উল্কা নহ’বও পাৰে। কোনো ভিনগ্রহীৱে পঠোৱা কোনো বস্তুও হ’ব পাৰে। ড° চিৰাজ আৰু ড° লোয়েবে তেওঁলোকৰ গৱেষণাপত্রত কৈছে যে, দেখা গৈছে পৃথিৱীত প্রায় প্রতিটো দশকত এবাৰকৈ অন্য সৌৰজগতৰ উল্কা বা এক্সট্র’ছলাৰ উল্কা পৰিছেহি। এইবোৰক তেওঁলোকে উল্কা বুলি মানি ল’ব বিচৰা নাই। তেওঁলোকে জনাইছে যে, এতিয়ালৈকে প্রায় ৪৫০ মিলিয়নৰো বেছি এই ধৰণৰ উল্কাই বিশ্বক আঘাত কৰিছে। তেওঁলোকে আৰু জনাইছে যে, আন্তঃনাক্ষত্রিক দূত বা এলিয়েনেই জীৱনৰ প্রমাণ দিবলৈ এইবোৰ পঠাব পাৰে। সম্ভাৱ্যভাৱে আন্তঃনাক্ষত্রিক উল্কাবোৰে অন্য গ্রহৰ ছিষ্টেমৰ পৰা প্রাণৰ সৰবৰাহ কৰিব পাৰে। তেওঁলোকে আৰু কৈছে যে, ঔমুৱামুৱা (Oumuamua) এটা বহিৰাগত গ্রহাণু নহৈ এলিয়েন প্রযুক্তিৰ এটা ৰূপো হ’ব পাৰে। যি হওক এইটো জ্যোতির্বিজ্ঞানীসকলৰ বাবে এক গুৰুত্বপূর্ণ বিষয়। গৱেষক চিৰাজে জনাইছে যে, সমুদ্রৰ পৰা ২০১৪ চনৰ উল্কাপিণ্ডটোৰ কোনো টুকুৰা উদ্ধাৰ কৰিবৰ বাবে এটা অভিযান পৰিচলনা কৰিব বিচাৰে। সেই উল্কাপিণ্ডটোৰ টুকুৰা হাতত পালেই পৰিষ্কাৰ হৈ যাব যে, সেইটো এলিয়েনেই পঠিয়াইছিল।

১ টা মন্তব্য
  1. TIKENDRA KR BARUAH says

    শতাব্দ এপত কাকত খন পঢ়িবলৈ অসুবিধা পাইছো কিয়নো এটা বিষয়ৰ ভিতৰলৈ সোমাবলৈ লওতে বিজ্ঞাপনৰ পৃষ্ঠা আাহি আমনি দিয়ে ৷
    দৈনিক ৰূপত whats app ৰ দৰে হলে ভাল আছিল ৷

মন্তব্য দিয়ক

Your email address will not be published.