বিহুৰ বতৰত -অসমৰ থলুৱা লোকবাদ্য চিনাকী -গ্ৰন্থ উন্মোচন

শিৱসাগৰৰ সুৰ সমলয় কলা সংস্থাৰ ব্যতিক্ৰমী পদক্ষেপ

0 240
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৪ এপ্ৰিলঃ অসমৰ থলুৱা লোকবাদ্যসমূহে থলুৱা লোকজীৱনৰ সাংস্কৃতিক চেতনাক প্ৰতিফলিত কৰে। লোকবাদ্যসমূহে প্ৰতিফলিত কৰে সামাজিক শিল্পীসকলৰ জীৱন শিল্পক। অসমৰ থলুৱা লোকবাদ্য নিৰ্মাণ আৰু পৰিৱেশনৰ পুৰোধা শিল্পী নিমাইজানৰ দ্বিজেন গগৈ আৰু সুৰ সমলয় কলা সংস্থাৰ গৱেষণা আৰু প্ৰলেখন কোষৰ লগত জড়িত দেৱজিত বৰা প্ৰচেষ্টাত শিৱসাগৰৰ পৰা প্ৰকাশ পোৱা অসমৰ থলুৱা লোকবাদ্য চিনাকী গ্ৰন্থ খনে অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক জগতত এক নতুন মাত্ৰা প্ৰদান কৰিব। শিৱসাগৰ প্ৰেছ ক্লাৱত সুৰ সমলয় কলা সংস্থাৰ উদ্যোগত কালি অনুষ্ঠিত গ্ৰন্থ উন্মোচন সভাত গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট কবি, সাহিত্যিক প্ৰেম গগৈয়ে এইদৰে কয়। সুৰ সমলয় কলা সংস্থাৰ প্ৰশিক্ষিত শিশুসকলৰ দ্বাৰা গুৰুজনাৰ বৰগীত পৰিবেশনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে দ্বীপজ্যোতি গগৈয়ে। উৰুলী, পেঁপা আৰু বাঁহীৰ ধ্বনিৰে গ্ৰন্থ খনি উন্মোচন কৰাৰ পিছতেই গ্ৰন্থ খনিৰ সংকলন আৰু সম্পাদনা কৰা দ্বিজেন গগৈ আৰু দেৱজিত বৰাই গ্ৰন্থখনি প্ৰকাশ কৰাৰ সন্দৰ্ভত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে। সভাত উপস্থিত থকা বিশিষ্ট সাংস্কৃতিক কৰ্মী লোহিত গগৈয়ে গ্ৰন্থখনিয়ে নতুন প্ৰজন্মৰ মাজত শৈক্ষিক আৰু বৈজ্ঞানিক যুক্তিৰে সংস্কৃতিক চাবলৈ শিকাব বুলি উল্লেখ কৰে।  শিৱসাগৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা শিৱসাগৰ জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি খলিলুৰ ৰহমান হাজৰিকা, জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডা, বিশিষ্ট লেখক ৰাজেন গগৈ আৰু অঞ্জনা গগৈ, শিক্ষাবিদ চৈয়দ হকীকুৰ ৰহমান, প্ৰণৱ গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত  আছিল। সভাত জিলাখনৰ ভালেসংখ্যক সাংবাদিকক উদ্যোক্তাই ফুলাম গামোচাৰ লগতে এটাকৈ সুতুলী প্ৰদান কৰে।
মন্তব্য দিয়ক

Your email address will not be published.