জান

ডাঃ সুৰজিত গিৰি "ছাৰ ভেণ্টিলেটৰ মেচিনটো নিজে নিজে বন্ধ হৈ গল।আকৌ চলাব চেষ্টা কৰিছোঁ,কিন্তু হোৱা নাই।সম্পূৰ্ণৰূপে চাট ডাউন হৈ গ'ল।'' সৰ্বনাশ কি হ'ব এতিয়া?পাপৰিৰ নিঠৰ দেহ আৰু মনিটৰলৈ চালো।তাই আমাৰ কথোপকথন শুনি আছিল।হৃদপিণ্ডৰ হাৰ ১১০ৰ…

২৮ জুন

ডাঃ সুৰজিত গিৰি সৰ্প দংশন,ইয়াৰ সজাগতা আৰু গ্ৰাম্য চিকিৎসালয়ত ইয়াৰ চিকিৎসাৰ এক উল্লেখযোগ্য দিন ১৯ ছেপ্টেম্বৰ,আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱস উপলক্ষে প্ৰকাশিত। "ছাৰ আমাৰ ৰোগীৰ চিকিৎসাত এতিয়ালৈকে একলাখ টকা খৰচ হৈ গল? আমাৰ ৰোগী…

বিল

ডাঃ সুৰজিৎ গিৰি "ছাৰ,ফাৰ্মাচীৰ বিলটো প্ৰায় সাত হেজাৰ টকা হৈছে।' প্ৰগতি হস্পিটেলৰ ICU টেকনিচিয়ান নবৰ ফোনটো পাই আচৰিত হলো।ইমান বিল কেনেকৈ হব পালে? ৩০ জুলাই,দেওবাৰৰ ৰাতিপুৱা প্ৰায় ৫:৪৫ মিনিটমানত বৰ পুখুৰী পাৰৰ শেষ পাকটো শ্ৰীমতীৰ লগত…

মই ফেঁটী সাপে কৈছো…

ডাঃ সুৰজিৎ গিৰি মূৰটো তুলি দূৰৈৰপৰা চালো।আইতা গৰাকীক হস্পিটেললৈ লৈ যোৱাৰ যা-যোগাৰ কৰিছে।       ৰক্ষা!    মই বুঢ়া হৈ আহিছোঁ। পূৰ্বৰ দৰে লৰা-ধপৰা কৰিব নোৱাৰোঁ। ভেকুলী, নিগনি আদিবোৰ বৰ বেগাই যায় দেখোন!যিখন পিটনিত মই থাকো, সেইখনো সংকুচিত…

ভাইৰেল

ডাঃ সুৰজিৎ গিৰি মোবাইলৰ কৰ্কশ মাতত সাৰ পাই ফোনটো ধৰো।২৮ মেৰ ৰাতি ১১:৪৫ মান বাজিছিল। "ছাৰ, মই লখিমপুৰ মেডিকেল কলেজৰ পৰা কৈছো।১০ টা এন্টিভেনম দি থকা হৈছে কিন্তু লৰাটোৰ কোনো উন্নতি হোৱা নাই?" ডাঃ লুইছ বৰবৰাৰ কথাত একেকোবে টোপনিৰ জালটো…

লকড (locked)

ডাঃ সুৰজিৎ গিৰি "নাই,ই মৰিব নোৱাৰে।ই বাচিবই লাগিব।" মৃত লৰাটোৰ বুকুত হেঁচি হেঁচি (CPR) নিজকে মনে মনে মিছা সান্ত্বনা দিবলৈ চেষ্টা কৰিলোঁ। ICU টেকনিচিয়ান ন'ব'ক বুকুত হেঁচা প্ৰয়োগ কৰিবলৈ কৈ কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থাৰ বাবে যা-যোগাৰ…

বিষাক্ত মকৰা (TARANTULA)

ডাঃ সুৰজিত গিৰি "আপোনাৰ আঙুলিটো কাটিব লাগিব। নহ’লে গোটেই হাতখনত বিয়পি পৰিব।তেতিয়া আপোনাৰ বিপদ হব।" তেওঁৰ কান্ধত হাতখন থৈ কথাখিনি কওঁ নকওঁ কৈ বুজাই কলো।মোৰ কথাখিনি শুনি তেওঁ মোলৈ থৰ লাগি চাই থাকিল। সৰ্প দংশনৰ চিকিৎসা কৰাৰ সমান্তৰাল…

কাল ব’হাগ

ডাঃ সুৰজিত গিৰি মৰমৰ মানুহজনীৰ নিথৰ দেহাটো চাই স্বামী ভাস্কৰে মনে মনে ভাবি আছিল.. ঘৰৰ ওচৰৰ মানুহ কেইজনে ঠিকেই কৈছিল।সাপে দংশন কৰাৰ পাছত চিকিৎসালয়লৈ গলে, মাত্ৰ কেইটামান বেজী দি পেলাই থব।সেয়াই হল।সৰ্প দংশনৰ পাছত এতিয়া ৬ ঘণ্টাত মানুহজনী…

গল কীপাৰ

গিৰি দা এৰেষ্ট হৈছে। মনিটৰলৈ চালো। কোনো সংখ্যা বা হৃদপিণ্ডৰ ধপধপনিৰ সাৰ-সুৰ নাই।মনিটৰৰ সকলোবোৰ উঠা নমা সম্পূৰ্ণৰূপে নিস্তেজ ! মাত্ৰ এডাল আঁচ।দীঘল আঁচ।মানে ৰোগ গৰাকীৰ মৃত্যু। সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ নিলোৎপলে স্তব্ধ হোৱা হৃদপিণ্ড পুনৰ চালিত…