Browsing Category
অসম
সোৱণশিৰিৰ পাৰত নদীবান্ধকেন্দ্ৰীক উপন্যাস “নৈ নিনাদ” উন্মোচন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ নৱেম্বৰঃ প্ৰান্তীয় জীৱন যাত্ৰাৰ উপন্যাসে আজিকালি সমাদৰ লাভ কৰে। "নৈ নিনাদ"ও তেনে এখন উপন্যাস। সোৱণশিৰিৰ পাৰৰ যি জনজীৱন, সেই জীৱনক লৈ উপন্যাসখন লিখিছে।অসমীয়া উপন্যাসত ক্ৰাফটিং খুব কম।কিন্তু ঔপন্যাসিক শিখাজ্যোতিয়ে "নৈ নিনাদ"ৰ সম্পাদনা আৰু ক্ৰাফটিং খুব ভালধৰণেৰে কৰিলে।
নতুন লেখিকা হলেও ঔপন্যাসিক শিখাজ্যোতি কোঁৱৰে এই নতুন উপন্যাসত নদীবান্ধ আন্দোলনৰ সমান্তৰালভাবে এজন সাংবাদিকৰ জীৱন যাত্ৰা আৰু মফচলীয়া সাংবাদিকৰ জীৱন সংগ্ৰাম প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। --এই ভাষ্য বিশিষ্ট ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ।…
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত “তৈলবীজ অভিযানৰ সৈতে সংযুক্ত বৈজ্ঞানিক মৌপালন” শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ আলোচনা সত্ৰ অনুষ্ঠিত
শতাব্দ, উত্তৰ লখিমপুৰ, ১৭ অক্টোবৰঃ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় ক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান (NI-MSME)ৰ সহযোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় মৌমাখি ব’ৰ্ড(NBHM) ৰ অৰ্থ সাহায্যত “তৈলবীজ অভিযানৰ সৈতে সংহত বৈজ্ঞানিক মৌপালন” শীৰ্ষক দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ আলোচনা সত্ৰ ৮ আৰু ৯ অক্টোবৰত সম্পন্ন হয়। উদ্বোধনী অধিৱেশনৰ আৰম্ভণিতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ অমিয়া ৰাজবংশীৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে আদৰণি…
লখিমপুৰত ৬,৭ আৰু ৮ ছেপ্টেম্বৰত ৰাজ্যিক ভিত্তিত শ্ৰীশ্ৰীৰোমহৰ্ষণ সূতৰ আবিৰ্ভাব মহোৎসৱঃ প্ৰস্তুতি তুংগত
উপস্থিত থাকিব ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তি-চলচিত্ৰ অভিনেতা-কণ্ঠশিল্পী
"নৈমিষাৰণ্য" সৃষ্টিৰে পাঠ-ব্যাখা চলিব শ্রীমদ্ভাগৱত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ ছেপ্টেম্বৰঃ শ্রীমদ্ভাগৱতৰ আদি প্রবক্তা মহামুণি শ্রী শ্রী ৰোমহর্ষণ সূত দেৱৰ আবিৰ্ভাৱ ভাদ্ৰী পূৰ্ণিমাত হৈছিল। সেইসূত্ৰে এইবাৰ আবিৰ্ভাৱ মহোৎসৱ ৰাজ্যিক ভিত্তিত অহা ভাদ মাহৰ ২০,২১ আৰু ২২ তাৰিখে (৬,৭ আৰু ৮ ছেপ্টেম্বৰ,২০২৫) সদৌ অসম সূত সন্মিলনৰ উদ্যোগত,লখিমপুৰ জিলা সূত সন্মিলনৰ সহযোগত আৰু ধূনাবাৰী-উৰিয়ামপৰা আঞ্চলিক সূত সন্মিলনৰ আতিথ্যত অনুষ্ঠিত হ'ব। সদৌ অসম ভিত্তিত লখিমপুৰ জিলাৰ…
লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত ৫ স্কুলীয়া ছাত্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ আগষ্টঃ লখিমপুৰৰ বাইপাছত আজি পুৱা প্ৰায় ৮. ৪০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে লখিমপুৰৰ চেইণ্ট মেৰিজ স্কুলৰ ৫ জন দশমমান ছাত্ৰই এখন হোণ্ডাই এমেজ বাহনেৰে গৈ থকা সময়ত বাইপাছত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত কিশোৰ ছাত্ৰ কেইজন আঘাত প্ৰাপ্ত হয়। লখিমপুৰৰ চিয়াজুলি এলেকাৰ প্ৰতাপগড় গাঁৱৰ অংকিত শইকীয়াই বাহনখনৰ চলাই গৈছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। ছাত্রজনৰ লগত আন চাৰিজন সহপাঠী বন্ধুও আছিল। আহত ছাত্ৰকেইজন হৈছে অংকিত শইকীয়া, ভাৰ্গবজ্যোতি কোঁৱৰ, চন্দন ডেকা, সৌৰভ দাস, জ্যোতিৰ্ময়…
দুলুং সংৰক্ষিত বনাঞ্চলত বিৰল প্ৰজাতিসহ ৭০ অধিক প্ৰজাতিৰ ৰংবিৰঙী পখিলা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ আগষ্টঃ শতবৰ্ষ গৰকা লখিমপুৰৰ অন্যতম অৰণ্য দুলুং সংৰক্ষিত বনাঞ্চলত অদ্যপি ৭০ টাতকৈ অধিক প্ৰজাতিৰ পখিলা আছে। ইয়াৰ ভিতৰত বিৰল আৰু ৰঙীন প্ৰজাতিৰ যেনে হোৱাইট ড্ৰেগনটেইল, পেৰিছ পিকক আৰু থাই ক্ৰুজাৰ অন্যতম। বৰ-বিৰঙী জিকমিক পখিলাৰ বাবে পূৰ্বৰে পৰা বিখ্যাত দুলুঙৰ এই শেহতীয়া তথ্য পোহৰলৈ আহিছে এদল পৰ্যৱেক্ষণকাৰীৰ দৃষ্টিত। যোৱা ২৩ আগষ্টত এই দলটোৱে ৩ টা ভাগত বিভক্ত হৈ বনাঞ্চলতখনত জৰীপ চলোৱাৰ সময়ত ৭০টাতকৈও অধিক প্ৰজাতিৰ পখিলাৰ লগতে কেইবাটাও চৰাই, মথ আৰু অন্যান্য পোক-পৰুৱাৰ নাম নথিভুক্ত কৰে। উল্লেখ্য যে দুলুং…
আত্মসমৰ্পণকাৰী আলফা জীতেন দত্তক সকীয়নি আলফা স্বাধীনৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ আগষ্ট: আত্মসমৰ্পণকাৰী আলফা নেতা জীতেন দত্তক এইবাৰ সকীয়নি প্ৰদান কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম এ। শদিয়াৰ এখন কৃষিপামৰ নেপথ্যত যাতে জীতেন দত্ত কোনোপ্ৰকাৰে জড়িত নহয় তাৰ বাবে আলফা স্বাধীনে সকীয়াই দিছে। "শতাব্দ"লৈ প্ৰেৰিত এক বিবৃতিত আলফা স্বাধীনৰ সহঃ সম্পাদক, প্ৰচাৰ বিভাগৰ ঈশান অসমে কয়-ঔপনিৱেশিক ভাৰতৰ তথা-কথিত সংবিধান, আইন আৰু শাসনে সৃষ্টি কৰা সমস্যাৰ এক অন্যতম সমস্যা হৈছে অসমৰ বৰ্দ্ধিত নিবনুৱা সমস্যা। নিবনুৱাৰ ভৰত ভাৰাক্ৰান্ত আজিৰ অসম। কৰ্মবিমুখ থলগিৰিক এই সমস্যাৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে…
সাৱধান! দুলুংমুখ ৰেঞ্জলৈ নাযাব
লখিমপুৰ, ২২ আগষ্টঃ লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুংমুখ ৰেঞ্জত অহা ১ ছেপ্টেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচালনাৰ বাবে উল্লেখিত স্থান সক্ৰিয়কৰণ কৰা হৈছে৷ এই সময়ছোৱাত ভাৰতীয় সেনাবাহিনীয়ে বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচলনা অনুশীলন কৰিব৷ লখিমপুৰ জিলা প্ৰশাসনে এক নিৰ্দেশনা যোগে উক্ত সময়ছোৱাত দুলুংমুখ ৰেঞ্জ এলেকাত সাধাৰণ জনতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে৷ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিদেৰ্শনাৰ জৰিয়তে কোনোধৰণৰ অশুভ পৰিঘটনাৰ পৰা হাত সাৰিবলৈ আৰু জীৱন আৰু সম্পত্তিৰ আঘাত বা ক্ষতি ৰোধ কৰিবলৈ এই ঘোষণা…
নন্দিতা শইকীয়াৰ হত্যাকাৰীক মৃত্যুদণ্ড
শতাব্দ ধেমাজি প্ৰতিনিধি, ২১ আগষ্ট : ৰাজ্য কঁপাই যোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চুড়ান্ত ৰায় আজি আদালতে ঘোষণা কৰে। আজি বিয়লি ২:২০ বজাত ঘোষণা কৰে এক ঐতিহাসিক ৰায় ৷ ধেমাজি জিলা সত্ৰ ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ড (ফাঁচী)ৰে দণ্ডিত কৰে৷ উল্লেখ্য যে ২০২১ চনৰ ২১ আগষ্টত ধেমাজি নগৰৰ মাজমজিয়াত দিন দুপৰতে সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা এক নৃশংস হত্যাকাণ্ড ৷ সেই নৃশংস হত্যাকাণ্ডত অতি কৰুণভাৱে মৃত্যু হৈছিল মৰিধল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম…
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত বিশ্ব মানৱতাবাদী দিৱস উদযাপন
উত্তৰ লখিমপুৰ, ১৯ আগষ্টঃ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীয়ে (এনচিচি) যৌথভাৱে ১৯ আগষ্টত বিশ্ববিদ্যালয়ৰ ডিজিটেল ক্লাছৰুমত বিশ্ব মানৱতাবাদী দিৱস উদযাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে প্ৰধান অতিথি হিচাপে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিভাগীয় মুৰব্বী ড° দিগন্ত হাতীবৰুৱা, চিকিৎসক আৰু সামূহিক স্বাস্থ্য বিশেষজ্ঞ ডাঃ কুইন বৰুৱা, লেফটেনেন্ট নয়না তেৰণ, ANO এনচিচি, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়, ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ক্ৰমে ড° চুচেংফা গগৈ, মুনমী…
লখিমপুৰত ৰাণী ৰঙানদী সমষ্টিত ভূপেন বৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ
শতাব্দৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ আগষ্টঃ আগন্তুক ২০২৬ চনত হ’ব লগা বিধান সভাৰ নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা ৰাণী নৰহে প্ৰতিদ্বন্দ্বিতা কৰাৰ মনস্থ কৰাৰ বিপৰীতে ভূপেন বৰাই পূৰ্বৰ বিহপুৰীয়া সমষ্টিৰ পৰিৱৰ্তে জন্মভূমি ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে৷ কাৰ্যতঃ আজি এনে এটা ইংগিতেই দিলে নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক মনোজ চৌহানে। উল্লেখ্য যে কংগ্ৰেছে এইবাৰ "বিজয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা" প্ৰাৰ্থীক টিকট দিয়াৰ জড়িয়তে চৰকাৰ গঠনৰ ৰণকৌশল অৱলম্বন কৰাৰ সূত্ৰে আজি লখিমপুৰত মণ্ডল আৰু ব্লক কংগ্ৰেছৰ…
