Browsing Category

অসম

লক্ষীমপুৰ কেন্সাৰ চেণ্টাৰলৈ এন্ট্ৰী-লেভেল স্বীকৃতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৩ আগষ্টঃ উজনি অসমৰ স্বাস্থ্যসেৱাৰ বাবে এক উল্লেখযোগ্য কৃতিত্বৰ ৰূপত লক্ষীমপুৰ কেন্সাৰ চেণ্টাৰক সন্মানীয় NABH (National Accreditation Board for Hospitals & Healthcare Providers) এন্ট্ৰী-লেভেল স্বীকৃতি প্ৰদান কৰি সমগ্ৰ লক্ষীমপুৰ জিলাৰ ভিতৰতে এই স্বীকৃতি লাভ কৰা প্ৰথম আৰু একমাত্ৰ চিকিৎসালয় হিচাপে পৰিগণিত হৈছে। চিকিৎসালয়খনৰ মুখপাত্ৰই জনাইছে যে- এন এ বি এইচৰ স্বীকৃতি ৰোগীৰ যত্ন, সুৰক্ষা আৰু চিকিৎসালয় পৰিচালনাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ এক চিহ্ন, যিটো কেৱল উচ্চতম ৰাষ্ট্ৰীয় মানদণ্ড পূৰণ কৰা…

ময়ূৰ বৰাক ‘কথা বৈভৱ’ আৰু অজন্তাক ‘সাহিত্যজ্যোতি’ বটাঁ প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৫ জুলাইঃ উত্তৰ লখিমপুৰৰ প্রকাশন অনুষ্ঠান 'নতুন সুৰ প্রকাশন পৰিষদ'-এ অসমীয়া সাহিত্য-সংস্কৃতি আৰু সংবাদ ক্ষেত্রলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তি বিশেষক 'সাহিত্যজ্যোতি' আৰু 'কথা-বৈভৱ' বঁটা ২০০৬ বৰ্ষৰ পৰা ধাৰাবাহিক ভাবে প্রদান কৰি আহিছে। পৰিষদে ২০২৫ বর্ষৰ 'সাহিত্যজ্যোতি' বঁটা বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ অজন্তাক আৰু 'কথা-বৈভব' বঁটা যুক্তিবাদী, মননশীল লেখক ময়ূৰ বৰাক আজি প্রদান কৰে। তদুপৰি উক্ত অনুষ্ঠানতে লখিমপুৰৰ এজন বিশিষ্ট সমাজসেৱক ধর্মেশ্বৰ গগৈকো 'মঙ্গলবোধ জাগৰণ কেন্দ্ৰ'ৰ তৰফৰ পৰা সম্মান জনোৱা হয়।…

লক্ষীমপুৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ জুনঃ অসম সাহিত্য সভা শক্তিশালী কৰিবৰ বাবে আমি সকলো ঐক্যবদ্ধ হ'বৰ হল। পাহাৰে-ভৈয়ামে, বৰাক ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বসতি স্থাপন কৰি থকা সকলো জাতি জনগোষ্ঠী যদি একত্ৰিত হয় তেতিয়া অসমীয়া সবল শক্তিমান জাতি হৈ উঠিব। সেয়ে আমি আজি উপলব্ধি কৰিছো ধ্ৰুপদী ভাষা হিচাপে অসমৰ বুকুত দুটা ভাষা থকাৰ পাছতো আমি আজি গৌৰৱত আনন্দেৰে উথলি উঠিব পৰা নাই। গভীৰ আশংকা আমাৰ মাজত আছে আৰু আমি অন্তৰত গভীৰ আশংকা পুহি ৰাখিছো, গতিকে সকলোবিলাক বিচাৰ বিবেচনাৰে ঐক্যবদ্ধ হৈ এটা বিজ্ঞানসন্মত ধাৰণাৰে অসমীয়া ভাষাক লৈ অসম সাহিত্য সভাই যি আন্দোলন…

লখিমপুৰত জিলা সূত সন্মিলনৰ উদ্যোগত ১৬০ গৰাকী কৃতি সূত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ লখিমপুৰ জিলা সূত সন্মিলনৰ উদ্যোগত আজি জাতিটোৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা লখিমপুৰ জিলা সূত সন্মিলনৰ এলেকাধীন সূত জাতিৰ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো পৌৰোহিত্য কৰে সন্মিলনৰ সভাপতি কমল সূতে। জানমণি শইকীয়াৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা সদৌ অসম সূত সন্মিলনৰ প্ৰাক্তন সভাপতি…

সাহিত্যিক ভৱানীপ্ৰসাদ অধিকাৰীৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মাৰ্চঃ বিশিষ্ট সাহিত্যিক,  সমালোচক তথা পাণ্ডু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, ভৱানীপ্ৰসাদ অধিকাৰীৰ আজি দেহাৱসান ঘটে। ১৯৪৩ চনত নলবাৰী জিলাৰ টিহুৰ মাখিবাহা গাঁৱত জন্মগ্ৰহণ কৰা অধিকাৰীয়ে শৈশৱৰে পৰা নিৰৱছিন্নভাবে সাহিত্য চৰ্চা কৰি আহিছিল । বিশিষ্ট ভাষাবিদ, গৱেষক, পণ্ডিত, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰকাশন সচিব ভৱানীপ্ৰসাদ অধিকাৰীৰ মৃত্যুত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ তৰফৰ পৰা সাহিত্যিক গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে…

অসম সাহিত্য সভাৰ মন জুৰুৱা অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ১৬ মাৰ্চঃ সমালোচনাই সাহিত্য সভাক প্ৰাণশক্তি প্ৰদান কৰিছে; প্ৰয়োজনত সংশোধন প্ৰক্ৰিয়াৰে সভাক সজাই তোলা হ'ব।ইউনিক'ডত অসমীয়া লিপিক বহুল মান্যতা দিয়াৰ লক্ষ্যৰে প্ৰতিগৰাকী শিশুৰ মনস্তত্ত্ব অধ্যয়নৰে পিতৃ-মাতৃয়ে মাতৃভাষাৰ জ্ঞান প্ৰদান কৰক, অসমীয়া ধ্ৰুপদী সাহিত্যৰ জগতখনত মনোনিৱেশ কৰাই জীৱিকামুখী নকৰি জীৱনমুখী কৰি তুলিব লাগিব বুলি অসম সাহিত্য সভাৰ মন জুৰুৱা অনুষ্ঠানত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। ভাষণ প্ৰসংগত সভাপতি গৰাকীয়ে অসম সাহিত্য সভাক ব্যক্তিকেন্দ্ৰীক উত্থানৰ বাবে ব্যৱহাৰ নকৰিবলৈ…

১ কেজি মুগা সূতাৰ মূল্য ২৬ হাজাৰ টকা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ফেব্ৰুৱাৰীঃ এক কেজি মুগা সূতাৰ বৰ্তমান বজাৰ মূল্য ২৬ হাজাৰ টকা, এক কেজি মুগা লেটাৰ দাম প্ৰায় ১৫০০ টকা। মাজুলীৰ কাৰ্গিল চাপৰিত সম্প্ৰতি ২৫০ বিঘা ভূমিত কৃষি কাৰ্য আৰম্ভ কৰিছে প্ৰাক্তন আলফাই। যোৰহাটৰ থলুৱা মাছৰ বজাৰখনত মাজুলীৰ মাছ নহলেই নচলে… মাজুলীৰ পৰা এখন ফেৰীত প্ৰতিদিনে এক ফেৰী ছাগলী যায় যোৰহাটলৈ... এনেবোৰ বিপুল অৰ্থনৈতিক দিশ আৰু সম্ভাৱনীয়তাৰ আলোচনাৰে আজি লখিমপুৰত অনুষ্ঠিত হয় এডভাণ্টেজ আছামৰ কৰ্মশালা। বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যজুৰি চলা পদক্ষেপৰ অংশ হিচাপে আজি লখিমপুৰত উত্তৰ…

সামৰণি পৰিল পঞ্চম সংখ্যক ঢকুৱাখনা গ্ৰন্থমেলাৰ

গ্ৰন্থমেলাৰ বাকৰিৰ পৰা ঢকুৱাখনাৰ প্ৰতিবেদক, ২৪ ডিচেম্বৰঃ "বিভিন্ন গ্ৰন্থই নতুন প্ৰজন্মক অনেক নজনা কথাৰ সম্ভেদ দিয়ে।বৌদ্ধিক চিন্তা-চেতনাৰ চৰ্চা অব্যাহত থাকিলেহে এখন দেশ বা এটা জাতি আগুৱাই যাব পাৰে।"--এই মন্তব্য অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বৰ্তমানৰ বিধায়ক নৱ কুমাৰ দলেৰ। উল্লেখ্য যে আজি সামৰণি পৰা "পঞ্চম সংখ্যক ঢকুৱাখনা গ্ৰন্থমেলা-২০২৪"ৰ মুকলি সভা আৰু বঁটা বিতৰণী সভা উদ্বোধন কৰি বিধায়ক দলেয়ে আৰু কয় যে- ঢকুৱাখনাত তাহানিৰ পৰাই এক বৌদ্ধিক বাতাবৰণ আছে; স্বভাৱ কবি সৰ্বেশ্বৰ জালভাৰী ফুকন, চন্দ্ৰশেখৰ দাস, হোমেন…

লক্ষীমপুৰত এবিভিপিৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ ডিচেম্বৰঃ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশন এইবাৰ লক্ষীমপুৰ চহৰৰ মনিকাঞ্চন সমন্বয় ক্ষেত্রত (এ.টিম খেলপথাৰ)ত অনুষ্ঠিত হ'ব। তাৰেই অংশ হিচাপে আজি এবিভিপিৰ ৰাজ্যিক নেতৃত্ব আৰু উদযাপন সমিতিয়ে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত যৌথভাবে এখন সংবাদ মেল সম্বোধন কৰে। ২৭,২৮ আৰু ২৯ ডিচেম্বৰ তাৰিখে মহাপুৰুষ মাধৱদেৱৰ জন্মভূমি লক্ষীমপুৰৰ অনুষ্ঠিত হ'ব লগীয়া এই ৰাজ্যিক অধিবেশনত সমগ্র অসমৰ পৰা প্ৰায় ১২০০ ছাত্র ছাত্রীয়ে অংশ গ্রহণ কৰিব। অসম তথা ভাৰতৰ বিভিন্ন সমস্যা তথা সমগ্রিক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা…

ঢকুৱাখনা গ্ৰন্থমেলাৰ বাকৰিত “গ্ৰন্থ অধ্যয়ন আৰু নতুন প্ৰজন্ম” শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ

ঢকুৱাখনাৰ প্ৰতিবেদক, ২২ ডিচেম্বৰ: "অসমীয়া সাহিত্যত বহুত কিতাপ সৃষ্টি হৈছে; কিন্তু বয়স অনুসৰি পঢ়িব পৰা কিতাপ নাই। বিশ্বৰ আগশাৰীৰ দেশবোৰত প্ৰথম, দ্বিতীয় শ্ৰেণীৰ পৰাই শিক্ষাৰ স্তৰ অনুসৰি পঢ়িব পৰা বহু কিতাপ-পত্ৰ আছে। কিন্তু অসমীয়া সাহিত্যত এই ধাৰণাটো আজিলৈকে আলোচনাৰ মাজলৈ অহা নাই।"--এই মন্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁইৰ। ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেলপথাৰত সাতদিনীয়াকৈ অনুষ্ঠিত হৈ থকা "ঢকুৱাখনা গ্ৰন্থমেলা-২০২৪"ত আজি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা "গ্ৰন্থ অধ্যয়ন আৰু নতুন প্ৰজন্ম"…