Browsing Category
অসম
মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ অধীনত লণ্ডনলৈ ৰাওনা ৫ শিক্ষাৰ্থী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ ছেপ্তেম্বৰ : কেম্ব্ৰিজ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু ইউনিভাৰ্ছিটি কলেজ অব্ লণ্ডনকে ধৰি ইংলেণ্ডৰ আগশাৰীৰ বিজ্ঞান শিক্ষানুষ্ঠান আৰু বিশ্ববিখ্যাত গৱেষণাগাৰ দৰ্শনৰ বাবে ইংলেণ্ডলৈ ৰাজ্যৰ ৫গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীক প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগে। 'মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি-২০২৪'ৰ অধীনত বাচনি কৰা পাঁচজনীয়া শিক্ষাৰ্থীৰ দলটোৱে ২২ ছেপ্তেম্বৰৰ পৰা ২৮ ছেপ্তেম্বৰলৈ লণ্ডনত এই মহত্বপূৰ্ণ বিজ্ঞান-দৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই…
পঞ্চায়ত পৰ্যায়ৰ পুনঃ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৭ ছেপ্টেম্বৰঃ ৰাজ্যত আগন্তুক নৱেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাক লৈ ৰাজনৈতিক দল সমূহে তৎপৰতা আৰম্ভ কৰিছে।ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণে পঞ্চায়ত সমূহৰ সীমাক লৈ এক ধূসৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে আজি ৰাজ্যজুৰি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পুনৰ সীমা নিৰ্ধাৰণৰ খচৰা জিলা প্ৰশাসনসমূহে প্ৰকাশ কৰিছে। সেইমৰ্মে লখিমপুৰ জিলা প্ৰশাসনে আজি বিয়লি ৫ বজাত জিলা আয়ুক্তৰ সভাকক্ষত এক সংবাদমেল যোগে সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰে। লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জিতু…
ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী কল্পনা গগৈ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে এইবাৰ ঘোষণা কৰা ৰাজ্যিক কৃতি শিক্ষক বটাঁৰে সন্মানিত হৈছে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈ। এইবাৰ জিলাখনৰ একমাত্ৰ বটাঁ প্ৰাপকৰূপে কল্পনা গগৈ বিবেচিত হৈছে। ১৯৮৮ চনৰ ১১ মেত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে চনত যোগদান কৰা গগৈয়ে ২০১৬ চনৰ ১৬ ডিচেম্বৰত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত অসম চৰকাৰে ০২/০৫/২০১৭ তাৰিখে স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে ।
উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ দুটা…
আপোন গাঁওখনলৈ আহি নষ্টালজিক হৈ পৰিল জীয়ৰীসকল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২২ জুলাইঃ দেওবাৰৰ দিনটো গীত-মাতে মুখৰিত হৈ পৰে উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৱৰ্তী সোণাৰী গাঁও৷ এক আনন্দ মুখৰ পৰিৱেশত আপোন গাঁওখনত উপস্থিত হৈ সোণাৰী গাঁৱৰ জীয়াৰীসকলে শৈশৱ স্মৰণ কৰি নষ্টালজিক হৈ পৰে৷ সুৰ্দীঘ ১৫ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ গৃহ জিলাখনৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জীৱন জীৱিকাৰে প্ৰতিষ্ঠা লভা সোণাৰী গাঁৱৰ জীয়ৰীসকলক একত্ৰিত কৰি তেওঁলোকৰ কৰ্মৰাজি উদ্ভাসিত কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্যেৰে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে জীয়ৰী ‘সন্মিলন’ খন অনুষ্ঠিত হৈ যায়৷ বৃহত্তৰ সোণাৰী গাঁৱৰ অনিমাই দত্ত…
ৰাজ্যত বৈদ্যুতিক খুঁটা স্থাপনৰ নামত দুহেজাৰ কোটি টকাৰ কেলেংকাৰি
প্ৰাককলন অনুসৰি কাম নকৰাকৈ বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন
মুখ্যমন্ত্ৰীক তদন্তৰ আহ্বানশতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ২২ জুলাইঃ ৰাজ্যৰ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত লখিমপুৰ জিলাত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ দুখন আঁচনিত ব্যাপক ৰূপত কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ ৰাজ্যৰ শক্তিখণ্ডত বৈদ্যুতিক খুঁটা স্থাপনৰ নামত প্ৰায় ২ হাজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত দাবী কৰে আৰ টি আই কৰ্মী দিলীপ নাথে৷ সংবাদমেল সম্বোধন কৰি তেঁও কয় যে ৰাজ্যৰ শক্তি বিতৰণ বিভাগত…
লখিমপুৰত এপ’ল’ হাস্পতাল চেন্নাইৰ ইনফৰ্মেচন-টেলি ক্লিনিক চেণ্টাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ জুলাইঃ ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাই আছে যদিও সমগ্ৰ ৰাজ্যত গুণগত চিকিৎসা এতিয়াও সুলভ হোৱা নাই। তাৰেই ফলশ্ৰুতিত ৰাজ্যৰ বুজন পৰিমাণৰ ৰোগী-অভিভাৱকে ৰাজ্যৰ বাহিৰত চিকিৎসা কৰিবলৈ গৈ আছে। এইক্ষেত্ৰত চেন্নাই এপ'লৱে মূলতঃ লখিমপুৰ আৰু চুবুৰীয়া জিলাৰ ৰোগীৰ সুবিধাৰ্থে উত্তৰ লখিমপুৰত এটা ইনফৰ্মেচন-টেলি ক্লিনিক চেণ্টাৰ স্থাপন কৰিছে। আজি চেন্নাইৰ পৰা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবলৈ আহি এক সংবাদমেলত উপস্থিত থাকে প্ৰসিদ্ধ অস্থিৰোগ বিশেষজ্ঞ ডাঃ চেন্থিল কুমাৰ ডুৰাই। তেঁও কয়-অসমৰ বাহিৰত চিকিৎসা কৰিবলৈ…
লখিমপুৰৰ ঘূনাসুঁতিত মিচিং জাতীয় সংগঠনৰ ১৫ নেতা-কৰ্মীক বৰ্বৰ আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৪ জুলাইঃ লখিমপুৰ জিলাৰ অতি দুৰ্গম তথা সোৱণশিৰি পাৰৰ ঘূনাসুঁতিত আজি বিয়লি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ঘূনাসুঁতিৰ উৰিয়ামতলাত এটা ঘটনা সন্দৰ্ভত আলোচনাৰ বাবে যোৱা মিচিং জাতীয় সংগঠন টি এম পি কে আৰু এম এম কেৰ একাংশ নেতা কৰ্মীক একাংশ লোকে দা,যাঠি,জোং লৈ আক্ৰমণ কৰাত জাতীয় সংগঠন দুটাৰ প্ৰায় ১৫ জন নেতা কৰ্মী আহত হোৱাৰ লগতে চাৰিজন গুৰুতৰ ভাৱে আহত হয়৷ বাকীসকল সদস্যই কোনোমতে ভৰা সোৱণশিৰিৰ এটা সুঁতি সাঁতুৰি পাৰ হৈ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি কেইদিনমানৰ পূৰ্বে উৰিয়ামতলা নাহৰণিত সংগঠিত হোৱা…
ডেৰকুৰি শিশুৰ উমাল সান্নিধ্যৰে সফল পৰিসমাপ্তি সান্নিধ্য নাট্য বিদ্যালয় ৰ “ড্ৰামাটিক ছামাৰ”ৰ
শতাব্দ বিশেষ প্ৰতিবেদক, ১৪ জুলাইঃ শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে উত্তৰ লক্ষীমপুৰৰ অগ্ৰণী নাট্যানুষ্ঠান "সান্নিধ্য নাট্য বিদ্যালয়"ৰ উদ্যোগত প্ৰতি বছৰৰ দৰে গৰমৰ বন্ধৰ দিন কেইটাত এইবছৰো আয়োজন কৰা হৈছিল "ড্ৰামাটিক চামাৰ" নামেৰে ১৩ দিনীয়া এক অভিনয়, মুকাভিনয় আৰু আবৃত্তিৰ কৰ্মশালা । ৩০ টি শিশুৰ যোগদানেৰে যোৱা ১ জুলাই ৰ পৰা ১৩ জুলাইলৈ অনুষ্ঠিত হোৱা কৰ্মশালাখনিত মুকাভিনয় ৰ প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট মুকাভিনয় শিল্পী নিপুঞ্জ কুমাৰ গগৈয়ে, "নৃত্যবন ডান্স একাডেমী" ৰ সঞ্চালিকা ময়ূৰী দত্তই প্ৰদান কৰে আবৃত্তি আৰু নৃত্যৰ প্ৰশিক্ষণ।…
দেশত স্বতন্ত্ৰ সাংবাদিকতাক ৰাইজে গুৰুত্ব দিছেঃ অজিত ভূঞা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুলাইঃ দেশত এতিয়া মূল সুঁতিৰ সংবাদ গোষ্ঠীৰ পৰিৱৰ্তে ৰাইজে independent media ৰ গুৰুত্ব অনুভৱ কৰিছে। মূলসুঁতিৰ সংবাদ মাধ্যমে চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিলেই সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীলৈ ভাবুকি আহে... সম্পাদকক অব্যাহতি দিব লাগে। এনে বহু ঘটনা ইতিপূৰ্বে দেশত ঘটি গৈছে। আপোনালোকে ৰবীশ কুমাৰ,পূণ্য প্রসূন বাজপেয়ীৰ কথা নিশ্চয়কৈ জানে। তেওঁলোকৰ দৰে আন একাংশ প্ৰসিদ্ধ সাংবাদিকেও চৰকাৰৰ ওচৰত শিৰনত নকৰি সংশ্লিষ্ট সংবাদ মাধ্যমৰ পৰা ওলাই আহি স্বতন্ত্ৰৰীয়াকৈ ইউ টিউব চেনেল খুলি চৰকাৰৰ দোষ ত্ৰুটি ৰাইজৰ আগত…
প্ৰকৃতিৰে একাত্ম হবলৈ আৱাসিক প্ৰকৃতি শিবিৰৰ আয়োজন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুলাইঃ নতুন প্ৰজন্মৰ অত্যধিক মোবাইল প্ৰীতিৰ কথা আজি প্ৰতিজন অভিভাৱকৰ মুখে মুখে। কিন্তু এই মোবাইল প্ৰীতিৰ পৰা নিজ সন্তানক আঁতৰাই ৰাখিবলৈ অভিভাৱকসকলৰ ওচৰত বিকল্প উপায় কি? পৰিৱেশক ওচৰৰ পৰা অনুধাৱন কৰিবলৈ হ'লে পৰিৱেশৰ মাজত নিজেই থাকি সময় অতিবাহিত কৰিব লাগিব। বৰ্তমান সময়ত ইন্টাৰনেট,মোবাইল, লেপটপ আদিত অধিক সময় দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকল গভীৰভাৱে পৰিৱেশৰ সৈতে একাত্ম হব পৰা নাই। ফলত প্ৰাকৃতিক পৰিৱেশ সন্দৰ্ভত বৰ্তমান সময়ৰ ছাত্র-ছাত্ৰীসকল প্ৰকৃত জ্ঞান লাভৰ পৰা বঞ্চিত হৈছে। সেয়েহে পৰিৱেশ বিষয়ক কথাবোৰ…