Browsing Category
অসম
৬, ৭ জুলাইত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ অধিৱেশনৰ আয়োজন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জুলাইঃ ১৯৮৯ চনত স্থাপিত উত্তৰ অসমৰ অন্যতম শক্তিশালী সংগঠন নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বি বাৰ্ষিক অধিৱেশনখনি অহা ৬ আৰু ৭ জুলাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। প্ৰথম দিনা পুৱা ৯ বজাত ক্লাবৰ সভাপতি কুমুদ বৰুৱাই পতাকা উত্তোলন কৰাৰ পিছতে ৯.৩০ বজাত অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি টুটুমণি ফুকনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰিব। মুখ্যমন্ত্ৰীৰ আনটাইড পুঁজিৰে ক্লাবৰ দ্বিতীয় মহলাত নিৰ্মাণ কৰা প্ৰেক্ষাগৃহটি ১০.৩০ বজাত উদঘাটন কৰিব বিধাযক মানৱ ডেকাই। দুপৰীয়া ১১ বজাত প্ৰাক্তন আৰু জ্যেষ্ঠ সাংবাদিকৰ মাজত…
লখিমপুৰত জিলা আয়ুক্ত সন্মিলনত ৭ জিলাৰ উন্নয়নমূলক কামকাজৰ অগ্ৰগতি পৰ্যালোচনা পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জুলাইঃ জিলা আয়ুক্ত সন্মিলনৰ অংশ হিচাপে আজি লখিমপুৰত উত্তৰ অসম আৰু বৰাক উপত্যকাৰ সাতখন জিলাত চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে ৰাজ্যৰ পৰিবহণ, আৱকাৰী, মীন, বিজ্ঞান-প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহকে ধৰি গুৰুত্বপূৰ্ণ উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনি তথা প্ৰকল্পসমূহৰ কাৰ্য ৰূপায়ণ প্ৰক্ৰিয়া সঠিক আৰু নিৰ্ধাৰিত সময়সীমা অনুসৰি আগবাঢ়িছে নে নাই, সেয়া…
লখিমপুৰত বানত ডুবি যুৱকৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ১ জুলাইঃ লখিমপুৰত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আজি দুপৰীয়া জিলাখনৰ নাওবৈচাত শিঙৰা নদীৰ বানত ডুবি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ নাম হৈছে পংকজ নেওগ ৷ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত পেৰাভাৰী গাঁৱৰ পংকজ নেওগ নামৰ যুৱকজনে পথাৰৰ পৰা গৰু আনিবলৈ যোৱাৰ সময়তে শিঙৰা নদীৰ বাঢ়নী পানীত পৰি যুৱকজনৰ কৰুণ মৃত্যু ঘটে৷ যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে৷
ইফালে আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰামৰ্শদাতা এ এন মহম্মদে এক বিবৃতিত জানিবলৈ দিয়ে যে সম্প্ৰতি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ…
লখিমপুৰত চুকাফাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উদঘাটন
শতাব্দ লখিমপুৰ, ৩০ জুনঃ অসমত আহোম ৰাজত্বৰ পাতনি মেলি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ ব্ৰঞ্জৰ এটি প্ৰতিমূৰ্তি আজি লখিমপুৰত মুকলি কৰা হয়। মূৰ্তিটো উদঘাটন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। লখিমপুৰ জিলাৰ সদৰৰ পৰা ৭ কিলোমিটাৰ দূৰত্বৰ গণেশ মন্দিৰৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপ-পথ(বাইপাছ) সংযোগী স্থানত মূৰ্তিটো স্থাপন কৰা হৈছে। অসম চৰকাৰৰ অনুদান, ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তিটো উন্মোচন কৰি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কয় - বৃহত্তৰ অসমীয়া জাতিটোক একতাৰ এনাজৰীৰে বান্ধ খুৱাই সমৃদ্ধিৰ বাটেৰে লৈ যোৱা মহান…
লখিমপুৰত বিপদ সীমা উপচি বৈছে পাঁচখন নৈ
শতাব্দ, লখিমপুৰ ৩০ জুনঃ ভয়াবহ বান দুৰ্যোগৰ সন্মুখীন হৈছে লখিমপুৰ জিলা। যোৱা কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ লগতে অৰুণাচলত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত জিলাখনৰ প্ৰায়বোৰ নদীৰ জলপৃষ্ঠ বিপজ্জনক ৰূপত বৃদ্ধি পাইছে। আজিৰ দিনটোত জিলাখনত পাঁচখন নৈ ৰ জলস্তৰে বিপদ সীমা অতিক্রম কৰে। একোখন নৈৰ জলপৃষ্ঠই একাধিক স্হানত বিপদ সীমা অতিক্রম কৰিছে৷ জলসম্পদ বিভাগৰ আজিৰ দিনটোৰ তথ্য জামুগুৰিত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ই বিপদসীমাৰ ৬৫ মিলিমিটাৰ অতিক্রম কৰিছে৷ তেনেদৰে সোৱণশিৰি নৈ ৰ জলপৃষ্ঠই ধলঘাটত বিপদ সীমাৰ ৪৬ মিলিমিটাৰ, ঘনচৰাইত ৭৮ মিলিমিটাৰ আৰু…
গুৱাহাটীৰ পৰা শীঘ্ৰে ঢাকা-কাঠমাণ্ডুলৈ উৰিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ জুনঃ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিমানযাত্ৰীসকলৰ বাবে সুখবৰ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা শীঘ্ৰে সম্প্ৰসাৰণ ঘটিব আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ। অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত গুৱাহাটীত আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত আৰু 'এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ'ৰ শীৰ্ষ কাৰ্যবাহী। ৰাজ্যৰ পৰিবহণ সচিব আদিল খানো উপস্থিত থকা এই বৈঠকত টাটা গ্ৰুপৰ অধীনৰ এয়াৰ ইণ্ডিয়া লিমিটেড পৰিচালিত অসামৰিক বিমান পৰিবহণ সংস্থাটোৰ…
অৰুণাচল প্ৰশাসনে নিজে ভাঙি দিবলৈ বাধ্য হল ৰঙা সংৰক্ষিত বনাঞ্চলৰ অবৈধ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৭ জুনঃ অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে নিৰ্মাণ কৰা এক’লেণ্ড অৱশেষত আজি অৰুণাচল প্ৰশাসনে নিজে ভাঙি দিবলৈ বাধ্য হয়৷ বুধবাৰে অসমৰ বিশাল সুৰক্ষা বাহিনীয়ে ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ ভূমি বেদখল কৰি অৰুণাচলীয়ে নিৰ্মাণ কৰা এক’লেণ্ডত উচ্ছেদ চলাবলৈ গৈছিল যদিও উচ্ছেদ অভিযান চলাব নোৱাৰি সন্ধিয়া ঘূৰি আহিবলৈ বাধ্য হৈছিল৷ অৱশ্যে দুয়োখন ৰাজ্যৰ উচ্চ পদস্থ বিষয়াৰ আলোচনা মৰ্মে আজি অৰুণাচল প্ৰশাসনে লখিমপুৰ জিলা প্ৰশাসনৰ উপস্থিতিত ২ নং বেলবস্তিত নিৰ্মীয়মান এক’লেণ্ডত উচ্ছেদ অভিযান চলাই ভাঙি দিয়ে৷ বিগত…
নিশাটোৰ ভিতৰতে অৰুণাচলীয়ে অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ পথত খান্দিলে বৃহৎ বৃহৎ গাঁত
পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত ৰামপুৰ বগীবিলত থমকি ৰ’ল লখিমপুৰ প্ৰশাসন
অসমৰ বুলডজাৰৰ সন্মুখত শুই পৰিল অৰুণাচলী
অৰুণাচলীৰ ধমক, গালি গালাজত উভতি আহিল অসমৰ বিশাল আৰক্ষী-বন বাহিনী
মহিলা আৰক্ষীক অভব্য আচৰণ, অসম পুলিচ গ’ বেক ধবনি অৰুণাচলীৰশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৬ জুনঃ অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন ৰোধ কৰিবলৈ গৈ আজি অসম আৰক্ষীৰ লগতে লখিমপুৰ প্ৰশাসনৰ বৃহৎ বাহিনী থমকি ৰোৱা কাৰ্যই সীমান্তৱৰ্তী অঞ্চলটোত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ অৰুণাচলীৰ অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে উচ্ছেদ অভিযান…
সুনীল গগৈৰ ডি এন এৰ প্ৰতিবেদনৰ ওপৰত সন্দেহ ৰাইজৰ
ঢকুৱাখনা সুনীল গগৈ কাণ্ডৰ ২৫ দিন
প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ধাৰত ব্যৰ্থ আৰক্ষী
তথ্য-প্ৰমাণ আছে যদি সুনীলৰ পত্নী-পুত্ৰক গ্ৰেপ্তাৰ কৰক, অযথা হাৰাশাস্তি নকৰিব -গাঁওবাসী
অভিযন্তা জয়ন্ত গোস্বামীক জেৰাৰ দাবী
ঢকুৱাখনা থানাত ৰাইজৰ স্মাৰক পত্ৰশতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ২৫ জুনঃ ৰাজ্য কঁপাই যোৱা ঢকুৱাখনাৰ সুনীল গগৈ কাণ্ডৰ আজি ২৫ দিন অতিক্ৰম কৰাৰ পিছতো প্ৰকৃত ৰহস্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ এফালে সুনীল গগৈৰ সন্ধানহীন আৰু আনফালে সুনীল গগৈৰ ঠিকাৰ কাম কৰা জলজীৱন মিচনৰ ৰাজমিস্ত্ৰি জাহাংগীৰৰ মৃতদেহৰ (আৰক্ষীয়ে…
লখিমপুৰত ৩-৪ জুলাইত জিলা আয়ুক্তৰ সন্মিলন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২৫ জুনঃ এইবাৰ জিলা আয়ুক্তসকলৰ সন্মিলনখন লখিমপুৰত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লখিমপুৰ জিলা প্ৰশাসনলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে৷ ইতিমধ্যে জিলা আয়ুক্তসকলৰ সন্মিলনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে প্ৰাৰম্ভিক প্ৰস্তুতি চলাইছে৷ জিলা প্ৰশাসনৰ এক সূত্ৰ অনুসৰি অহা ৩-৪ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ চুকুলীভৰীয়াত থকা কনভেন্চন চেণ্টাৰত ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলৰ এই সন্মিলনখন অনুষ্ঠিত হ’ব৷ জিলা কনভেন্চন চেণ্টাৰটো আটোমটোকাৰিকৈ সজাই তোলাৰ লগতে নিৰাপত্তাৰ দিশটোও কটকটীয়া কৰি…