Browsing Category
অসম
আলফাত চলিছে নিযুক্তিৰ মেলা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ আগষ্ট : নিজৰ শক্তি বৃদ্ধিৰ বাবে কঁকালত টঙালি বান্ধিছে আলফাই (স্বাঃ) ৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ নামত চাহ বাগিচাকে ধৰি উজনিৰ একাংশ ব্যক্তিলৈ ধনদাবী পত্ৰ প্ৰেৰণৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে পোহৰলৈ আহিছে সশস্ত্ৰ সংগঠনটোত সদস্য ভৰ্তিৰ বাবে তলে তলে অব্যাহত গোপন অভিযানৰ কথা ৷ আলফা (স্বাঃ) আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ মাজত চলি থকা ’এনকাউণ্টাৰ’ কেন্দ্ৰিক বাকযুদ্ধৰ মাজতে যোৱা কিছুদিনৰ পৰা হঠাৎ তীব্ৰ হৈ উঠা তিনিচুকীয়া আৰক্ষীৰ আলফা বিৰোধী অভিযানকালত পোহৰলৈ আহিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে…
তেজপুৰৰ বাণ থিয়েটাৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চিতাভস্ম সংৰক্ষণৰ বিশেষ স্থান উদ্ঘাটন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ আগষ্ট : নটসূৰ্য্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতিদিৱস আৰু নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি প্ৰথম দিনটোৰ সন্ধিয়া নটসূৰ্য্য গৰাকীৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ চিতাভস্ম সংৰক্ষণৰ বাবে বাণ থিয়েটাৰ কৰ্তৃপক্ষই ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আটকধুনীয়াকৈ বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰা "চিতাভস্ম সংৰক্ষিত স্হান" আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰে শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই । উল্লেখ্য যে বাণ থিয়েটাৰৰ প্ৰতীকী গীতেৰে শুভাৰম্ভ হোৱাৰ পিছত নটসূৰ্য্য ফণী শৰ্মাৰ…
তেজপুৰৰ জ্যোতি – বিষ্ণু মইনা পাৰিজাতৰ সপ্তদশ দ্বি বাৰ্ষিক শিশু সমাৰোহ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ জুলাই : তেজপুৰৰ জ্যোতি - বিষ্ণু মইনা পাৰিজাতৰ সপ্তদশ শিশু সমাৰোহ উপলক্ষে কালিৰ দিনটোত পুৱাৰ পৰা গীত, নৃত্য, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা ৰ পিছত বিয়লিৰ পৰা মুকলি সভাত তেজপুৰৰ কেবাখনো শাখা মইনা পাৰিজাতৰ মইনাৰ বাগ্মিতাপূৰ্ণ ভাষণ, শিশুপ্ৰেমী বিশিষ্ট অতিথিৰ ভাষণ আৰু মইনাৰ মৌমাতেৰে মুখৰিত হৈ পৰে তেজপুৰ বামুণ গাঁৱৰ মধ্য বাৰিকা চুবুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগন। বিয়লি জ্যোতি - বিষ্ণু মইনা পাৰিজাতৰ মইনা স্নেহাল গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাখন আৰম্ভ হয় জ্যোতি - বিষ্ণু মইনা পাৰিজাতৰ…
লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ গাড়ীচালকক বিষয়াই ব্যক্তিগত কামত নিয়োগৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়াই চৰকাৰী গাড়ীচালকক ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ কেবাজনো চৰকাৰী গাড়ী চালকক এতিয়া এনে একাংশ বিষয়াই চৰকাৰী কামত ব্যৱহাৰ কৰাৰ উপৰিও বজাৰ কৰিবলৈ পঠোৱা, বিদ্যালয়ৰ পৰা নিজৰ ল’ৰা-ছোৱালীক অনা নিয়া কৰা আদি বিভিন্ন কামত নিয়োজিত কৰি অহাত একাংশ চালকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ উল্লেখনীয় যে লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰায় ১৩-১৪ জন চালক নিয়োজিত হৈ আছে আৰু এনে চালকৰে ৩-৪ জনক একাধিক বিষয়াই কাৰ্যালয়ৰ সময়ত ব্যক্তিগত কামত নিয়োজিত…
মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯জুলাইঃ দেশৰ নৱজাগৰণ আন্দোলনৰ মহান মনীষী আৰু আধুনিক শিক্ষাৰ অন্যতম পথিকৃৎ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ১৩৩ সংখ্যক মৃত্যু দিৱসৰে সংগতি ৰাখি আজি ছাত্ৰ সংগঠন এ আই ডি এছ অ'ৰ ৰাজ্যিক কমিটিৰ আহ্বানত শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত ৰাজ্যৰ শিক্ষাখণ্ডৰ চূড়ান্ত অব্যৱস্থা দূৰীকৰণ আৰু চৰকাৰৰ বিভিন্ন শিক্ষাবিৰোধী আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। শোণিতপুৰ জিলা কমিটিৰ এটা সজাতি দলে দিনৰ ১২ বজাত জিলা আয়ুক্ত দেব কুমাৰ…
শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন উৎপীড়নৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯জুলাইঃ শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰত৷উল্লেখযোগ্য যে, তেজপুৰৰ গাভৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰবী শিলৰ বিৰুদ্ধে কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল কৰিছে শোণিতপুৰ জিলা শিশু সুৰক্ষা গোটে৷ কিশোৰী গৰাকীৰ পৰা জিলা শিশু সুৰক্ষা গোটে শিক্ষা বিষয়াজনে চলোৱা অত্যাচাৰৰ অভিযোগ গ্ৰহণ কৰাৰ লগতে কাউন্সেলিং অব্যাহত ৰাখিছে৷ ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে আই পি চি ৩৫৪ আৰু পস্ক আইনৰ অধীনত ৫৮৭/২৩ মৰ্মে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও খণ্ড…
বান্দৰদেৱাত চৰকাৰী বন ভূমিত বে-দখলঃ সঘনাই ভূমি দখল-বিক্ৰীক লৈ বিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দৰদেৱাত বন বিভাগৰ চৰকাৰী ভূমিত এতিয়া যিকোনো লোকে বে-দখল আৰম্ভ কৰি বিক্ৰী পৰ্যন্ত কৰি আহিছে৷ যাৰফলত ভূমি বে-দখল আৰু বিক্ৰীক লৈ সময়ে সময়ে সংঘাতৰ সৃষ্টি হৈ আহিছে৷ আজিও দুটা ফৈদৰ মাজত এনে সংঘাতৰ সৃষ্টি হয়৷ প্ৰাপ্ত অভিযোগ অনুসৰি ডিক্ৰং নদীৰ নিচেই কাষত ১ নং পাৰ্বতীপুৰত চৰকাৰী বনভূমি বহুলোকে বে-দখল কৰি সময়ে সময়ে এনে ভূমি বিভিন্ন লোকক বিক্ৰী কৰি আহিছে৷ বিভিন্ন সম্প্ৰদায়ৰ লোকে এনে ভূমি বে-দখল কৰি ঘৰ সাজি অহাৰ লগতে চৰকাৰী বন ভূমি কৌশলেৰে বিক্ৰী…
৩১ জুলাইৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত “নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহ”
গুৱাহাটীৰ ছিগাল থিয়েটাৰৰ "আকাশ", সোণাপুৰৰ দেংৰালী - ক্ৰিয়েটৰ্চ হাবৰ "ভূমি কন্যা ", বাণ থিয়েটাৰৰ" ধনীৰামৰ থিয়টাৰ", শিশু নাট "নজনা বীৰৰ মূৰ" আৰু পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ "চিৰাজ উদ্দিন আহমেদ হাজৰিকা" নাটকেৰে শ্ৰদ্ধাঞ্জলিশতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ জুলাই : গভীৰ নাট্য চেতনা আৰু শিল্প চেতনাৰে অসমীয়া জাতিক উদ্বুদ্ধ কৰি এখন সুন্দৰ সমাজ নিৰ্মাণৰ আলোকৰ যাত্ৰী হোৱা নটসূৰ্য্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতিদিৱসৰ লগত সংগতি ৰাখি বিগত বছৰৰ দৰে এইবাৰো অহা ৩১ জুলাইৰ পৰা নটসূৰ্য্য গৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ…
শোণিতপুৰ জিলা ইতিহাস সংকলন সমিতিৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২৯জুলাইঃ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ শোণিতপুৰ জিলা সমিতিয়ে আজি দৰং মহাবিদ্যালয়ত মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে চিত্রাঙ্কন আৰু কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। মহাবীৰ লাচিত বৰফুকন জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। তেওঁৰ কৃতিত্ব আৰু গৌৰৱ গাথাই অসমীয়া চিৰদিনলৈ গৌৰাৱান্বিত কৰি থাকিব। সেই মহান বীৰৰ জীৱন আৰু কৰ্ম সম্পর্কে আজিৰ প্ৰজন্মই নাজানিলে দেশৰ কল্যাণ কোনো কাৰণত সাধিত নহ'ব। মোগলৰ দৰে মহাজনী শক্তিক পৰাভূত কৰিব পৰা লাচিত বৰফুকনৰ অদম্য শক্তি আমাৰ উঠি অহা…
লখিমপুৰত নিশা ছাগলী চোৰে যুৱকক হত্যা কৰা ঘটনাক লৈ উত্তপ্ত লখিমপুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ নগৰৰ পাশ্বৱৰ্তী বগলীজানৰ গোৱৰীশালিত যোৱা নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ নিশা ছাগলী চোৰ কৰিবলৈ অহা চোৰে এজন যুৱকক হত্যা কৰা কাৰ্যক লৈ আজি লখিমপুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উত্তেজিত লোকে পথ অৱৰোধ কৰি প্ৰতিবাদ জনোৱাৰ লগতে হত্যাকাৰীক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীত উত্তৰ লখিমপুৰ সদৰ থানাত বিয়লি উত্তেজিত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে শুক্ৰবাৰে নিশা ১১ মান বজাত বগলীজানৰ গোৱৰীশালিৰ দুলাল শইকীয়াৰ ঘৰৰ পৰা বাইকত অহা দুটা চোৰে এটা ছাগলী চুৰি কৰি নিয়াৰ…
