Browsing Category

সংস্কৃতি

ঢোলৰ গুমগুমনিৰে ম’হঘুলি চাপৰিত ফাটবিহু আৰম্ভ

শতাব্দ প্ৰতিবেদক, ১৩ মেঃ ঢোলে গুমগুমাইছে ফাটবিহুতলীত। আজিৰ পুৱাৰে পৰা প্ৰতিকূল বতৰকো নেওচি ফাটবিহু তলীলৈ হিলদল ভাঙি ওলাই আহিছে তিনি কুৰিৰো অধিক বিহুদল আৰু হাজাৰ হাজাৰ বিহুপ্ৰমী । দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণেও ম্লান কৰিব পৰা নাই…

মই বিদেশতো অসমীয়াতে ভাষণ দিওঁঃ যাদৱ পায়েং

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ মেঃ 'মই বিদেশতো অসমীয়া ভাষাত ভাষণ দিওঁ। সেই ভাষা কোনোৱাই জানিলেও জানক, নাজানিলেও মোৰ দৰকাৰ নাই। আমি অসমীয়া ভাষাটোক লৈ গৌৰৱ কৰিব লাগে। অসমীয়া ভাষা, সংস্কৃতি অবিহনে দেশৰ উত্তৰণ হ'ব নোৱাৰে। — এই মন্তব্য অৰণ্য…

দেউৰীসকলৰ পুৰণি, বিলুপ্তপ্ৰায় বিহু সংস্কৃতিক পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা দেউৰী বিচু সন্মিলনৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ মেঃ দেউৰীসকলৰ সাতাম পুৰুষীয়া ‘ইবাঁকু বিচু’ এইবাৰ দিনযোৰা কাৰ্যসূচীৰে আজি উত্তৰ লখিমপুৰ নগৰৰ নকাৰীত থকা দেউৰী ভৱন প্ৰাংগণত অনুষ্ঠিত কৰা হয়। উত্তৰ লখিমপুৰ চতুৰ্থ বাৰ্ষিক দেউৰী বিচু সন্মিলনৰ সভানেত্ৰী পদ্মাৱতী…

বাক্সাৰ সাদেৰিত ভাগৱত গীতা পৰিভ্ৰমণ

বাক্সা ,১ মেঃ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি আজি বাক্সা জিলাৰ সাদেৰিত হোম-যজ্ঞৰে গাঁওখনত ভাগৱত গীতা পৰিভ্ৰমণ কৰে । কেবাশ ভক্তিপ্ৰাণ লোক সমবেত হৈ ৰাজহুৱা বুঢ়া গোসাই নামঘৰত হোম - যজ্ঞ কৰি ভাগৱত গীতা পৰিভ্ৰমণেৰে…

উজনি অসমত প্ৰথমবাৰ বিষুৱা উৎসৱ পালন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ এপ্ৰিলঃ উজনি অসমৰ লখিমপুৰ জিলাৰ ত্যাগক্ষেত্ৰত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ১৭ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় বিষুৱা উৎসৱটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । পোন প্ৰথমবাৰৰ…

পৰম্পৰাগত খেল ধেমালিৰে উখল মাখল লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু

লখিমপুৰ, ২২ এপ্ৰিল: জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে লখিমপুৰবাসীৰ সহযোগিতাৰে উদ্‌যাপন কৰা ৬৪ সংখ্যক লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী কুইজ প্ৰতিযোগিতাৰে আৰম্ভ হয়। সাহিত্য উপ সমিতিৰ প্ৰধান সম্পাদক পংকজ…

ব্যাস সংগীতৰ শিল্পী ইচ্ছাৰাম বৰুৱালৈ ধৰ্মদেৱ বিপ্ৰ বঁটা

শতাব্দ প্ৰতিনিধি, মঙ্গলদৈ ২০ এপ্রিল : দৰঙৰ এগৰাকী ৮৯ বৰ্ষীয় ব্যাস সংগীতৰ শিল্পীলৈ আজি ঘোষণা কৰা হৈছে তনুৰাম ৰাজবংশী (শাস্ত্ৰী) সোঁৱৰণী ধৰ্মদেৱ বিপ্ৰ বঁটা। দৰং জিলা লোক-শিল্পী কল্যাণ নিধিয়ে ২২ এপ্ৰিলত দেওমৰনৈ শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ সত্ৰৰ…

 লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰম্ভ

লখিমপুৰ,২১ এপ্ৰিল: সৃষ্টি, সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাৰে আজিৰে পৰা আৰম্ভ হৈছে ৬৪ বছৰ গৰকা লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বিহুৰ কাৰ্যসূচী। ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ…

কণ্ঠশিল্পী অজিত সিংহ আৰু দিলীপ চৌধুৰীৰ কালজয়ী গীতৰ কৰ্মশালা

শতাব্দ জিলা প্ৰতিনিধি ,তেজপুৰ, ২০ এপ্ৰিলঃ প্ৰসিদ্ধ সংগীত শিল্পী অজিত সিংহৰ - ‘এজাক চৰাই উৰি উৰি যায়, জয় আই অসম, হে ছহিদ তোমাক সহস্ৰ প্ৰণাম, কোন অনামী নদী, মই আজি সংগী বিহীন...’ আদি কালজয়ী আধুনিক গীতৰ লগতে আন এগৰাকী প্ৰয়াত সংগীত শিল্পী দিলীপ…