শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা চতুৰ্থ খন কোৱাটাৰ ফাইনেল খেল অইল ইণ্ডিয়া দুলীয়াজান বনাম চিৰাং ফেৰেংগা ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। আজি খেল খনত দুয়োটা দলে সুন্দৰ আৰাম্ভণি কৰিছিল যাদিও অইলৰ নিখুঁট পাছৰ বাবেই ৬–০ গলত চিৰাঙক পৰাজিত কৰি ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। আজিৰ খেল অইলৰ হৈ গলকেইটা কৰে ক্রমে জে,এন কুকীয়ে দুটা গল কৰাৰ লগতে টুকু ব্ৰহ্ম, সিৰনদীপ মৰণা, মিলন বসুমতাৰী আৰু উইলিয়াম গন্থে একোটাকৈ গল কৰে।প্ৰেম কান্ত ডেকা সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈ বটাঁ লাভ কৰে অইলৰ জে এন কুকীয়ে।