অগ্নিপথ আঁচনি সন্দৰ্ভত চৰকাৰক ক্ষুৰধাৰ সমালোচনা লখিমপুৰ যুৱ কংগ্ৰেছৰ

0 31

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৩ জুন: অগ্নিপথ আঁচনি সন্দৰ্ভত আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি মৌচুম লাহনৰ উপস্থিতিত এখন সংবাদমেল অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিত চাৰি বছৰৰ বাবে নিযুক্তি প্ৰদান কৰা কাৰ্যক যুৱ কংগ্ৰেছে কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে। চৰকাৰে অগ্নিপথ আঁচনিৰ জৰিয়তে দেশৰ নিবনুৱা সমস্যাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে আৰু স্পষ্ট ভাষাত কয় যে এই আঁচনিখন ইয়াত কোনো প্ৰকাৰে গ্ৰহণ কৰিব পৰা নাযায় । সংবাদ মেলত লাহনে প্ৰশ্ন কৰে যে চৰকাৰে ৩ কোটি নিবনুৱাক নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কলৈ গ’ল। ব্ৰহ্মপুত্ৰৰ দুয়ো কাষেৰে Express Highway নিৰ্মাণ কৰা প্ৰকল্প কি হ’ল বুলিও প্ৰশ্ন কৰে। । তদুপৰি খাদ্য সামগ্ৰী আৰু ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধি সন্দৰ্ভতো যুৱ কংগ্ৰেছৰ নেতাজনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । আজিৰ সংবাদ মেলত জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে ধ্ৰুৱজ্যোতি ৰেগন, তপন চলিহা, প্ৰেমধৰ মিলি আদি কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.