অত্যাধুনিক ব্যৱস্থাৰে পক্ষী হত্যা কৰা চিকাৰীক গ্ৰেপ্তাৰঃ জেললৈ প্ৰেৰণ

0 183

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মেঃ বন্যজীৱ তথা চৰাইৰ সুৰক্ষাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰকৃতিপ্ৰেমীয়ে একত্রিত হৈ যুঁজ দি থকাৰ সময়তে কিছুমান বিবেকহীন মানুহৰ পৰিৱেশ বিনষ্ট কৰা কৰ্ম কাণ্ডই প্ৰকৃতিপ্ৰেমীৰ চকু কপালত উঠাইছে। নিতৌ ন ন উপায় অৱলম্বন কৰি বন্যজীৱ হত্যা কৰাৰ ঘটনাৰ খবৰ আহি থকাৰ মাজতে যোৱা নিশা একাংশ প্ৰকৃতিপ্ৰেমী যুৱকৰ তথ্যৰ ভিত্তিত নিশা ১০ বজাত তেনে এজন পক্ষী হত্যাকাৰী লখিমপুৰ জিলাৰ দিজুৰ পৰা বন বিভাগে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে জাগিৰ হুছেইন নামৰ এই লোকজনে নিজৰ ঘৰতে স্পীকাৰত ডাউক চৰাইৰ (white breasted waterhen) মাত বজাই চৰাই ধৰিবলৈ যো জা চলাই থকাৰ সময়তে বন বিভাগৰ সুৰক্ষা কৰ্মীয়ে তেওঁক ঘৰৰ পৰাই আটক কৰে। প্ৰাপ্ত তথ্য মতে তেওঁ বিগত বহু বছৰৰ পৰাই এনেদৰে অত্যাধুনিক ব্যৱস্থাৰে স্পীকাৰত ডাউক চৰাইৰ মাত বজাই বনৰীয়া চৰাই হত্যা তথা ব্যৱসায়ৰ লগত জড়িত হৈ আছিল বুলি তথ্য পোৱা গৈছে। তেওঁক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাই জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। লখিমপুৰৰ শতজান পক্ষী উদ্যানৰ নিলগতে এনে ঘটনা ঘটি থকা কথাটোৱে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমীক বাৰুকৈয়ে আঘাত কৰিছে আৰু তাৎক্ষণিক ভাৱে লখিমপুৰৰ জিলা বন বিষয়া অশোক কুমাৰ দেৱ চৌধুৰীয়ে যি পদক্ষেপ লৈছে সেয়া সকলোৱে আদৰণি জনাইছে আৰু তেওঁ লখিমপুৰত যিকোনো বন্যজীৱ হত্যা কৰা দেখিলেই বনবিভাগক খবৰ দিবলৈকো অনুৰোধ জনাইছে। আগন্তুক সময়ত বন বিভাগ এই ক্ষেত্ৰত সক্ৰিয় হৈ থকাৰ লগতে আৰু এনে ধৰণৰ দুষ্কৃতিকাৰীৰ ওপৰত বিহীত ব্যৱস্থা লবলৈ প্ৰস্তুত আছে বুলিও জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.