অন্য প্রাণীৰ বাবেও ক’ৰনাৰ টিকাঃ ভাৰতীয় সংস্থাৰ সফলতা

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুন : এনোক’ভেক্স ভাৰতত তৈয়াৰ হোৱা প্রথম টিকা, যি পশুক ক’ৰনা-১৯ৰ হাতৰ পৰা ৰক্ষা কৰিব। কুকুৰ, সিংহ, চিতাবাঘৰ ওপৰত প্রয়োগ কৰি দেখা গৈছে যে, ক’ৰনাৰ দুটা ৰূপ— ডেল্টা আৰু অমিক্রন এই দুয়োটাৰ বিৰুদ্ধেই এই ভেকচিন কার্যকৰ। এই টিকা তৈয়াৰ হৈছে হৰিয়ানাৰ National Research Centre on Equines প্রতিষ্ঠানত। প্রতিষ্ঠানটোৱে এই টিকাৰ লগতে পশুৰ এন্টিবডি পৰীক্ষাৰ বাবে যন্ত্রও তৈয়াৰ কৰিছে। এনোক’ভেক্স টিকা কুকুৰ, সিংহ, চিতাবাঘ, এন্দুৰ আৰু শহাৰ ওপৰত কার্যকৰী হ’ব। ক’ৰনাৰ ডেল্টা ৰূপটোক এই টিকাই বাধা দিবলৈ সক্ষম বুলিয়েই জনা গৈছে। এই টিকাৰ গুৰুত্বপূর্ণ উপাদান Alhydrogel। এইটোৱে ক’ৰনাৰ বিৰুদ্ধে বেছ শক্তিশালীভাৱে যুঁজিব পাৰিছে।
এই টিকা অমিক্রনৰ বিৰুদ্ধেও কার্যকৰী বুলি কোৱা হৈছে টিকা প্রস্তুতকাৰী সংস্থাটোৰ তৰফৰ পৰা। অন্য প্রাণীৰ এন্টিবডি পৰীক্ষাৰ বাবে যিটো যন্ত্র প্রস্তুত কৰা হৈছে, তাৰ পেটেন্টৰ বাবে ইতিমধ্যেই আৱেদন কৰা হৈছে। প্রাথমিক স্তৰৰ গৱেষণাত পশু ক’ৰনাত আক্রান্ত হোৱাৰ বিষয়টোক লৈ গৱেষকসকল সন্দিহান আছিল। কিন্তু পৰৱর্তীকালৰ গৱেষণাত দেখা যায় যে, কোনো ক’ৰনা আক্রান্ত মানুহৰ সংস্পর্শলৈ আহিলে পশুও আক্রান্ত হোৱাৰ সম্পূর্ণ আশঙ্কা আছে।

মন্তব্য দিয়ক

Your email address will not be published.