অফুৰন্ত স্বাধীনতাৰে আকাশত উৰিল চৌদি মহিলা

0 24

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে’ :

তালিবান শাসিত আফগানিস্তানৰ বিপৰীতে ৰক্ষণশীল চৌদি আৰৱত এতিয়া নাৰীৰ স্বাধীনতাৰ জয়গান গোৱাৰ সময়। দেশখনত পুৰুষৰ সমানেই নাৰীয়েও কৰ্মক্ষেত্ৰত এতিয়া মুকলিমূৰীয়াকৈ অংশগ্ৰহণৰ যথেষ্ট সুযোগ লাভ কৰিছে, যিটো সচৰাচৰ ইছলাম ধৰ্মী ৰক্ষণশীল সমাজত প্ৰায় বিৰল। শনিবাৰে সাত গৰাকী চৌদি আৰৱৰ মহিলাৰে গঠিত চালক-পৰিচালকৰ এটা দলে চৌদি আৰৱৰ কম মূল্যৰ এটা বিমান সংস্থা ‘ফ্লাইডেল’ৰ এখন বিমান পৰিচালনা কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। অৱশ্যে বিমানখনৰ কেপ্টেইন গৰাকী এগৰাকী বিদেশী মহিলা আছিল যদিও সহকাৰী পাইলট গৰাকীৰ লগতে বাকী আটাই কেউগৰাকী বিমান কৰ্মী চৌদি আৰৱৰ মহিলা আছিল। সম্পূৰ্ণ মহিলাই পৰিচালনা কৰা বিমানখন চৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ পৰা জেদ্দালৈ যাত্ৰা কৰিছিল। বিমান সংস্থাটোৰ এগৰাকী মুখপাত্ৰৰ মতে, ভৱিষ্যতে বিমান চালনা তথা অন্যান্য সেৱাত আৰু অধিক মহিলাক যোগ্যতা অনুসৰি অগ্ৰাধিকাৰ প্ৰদান কৰিব। ইয়াৰ দ্বাৰা দেশখনত নাৰী সৱলীকৰণৰ দিশটো অধিক গতিশীল হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন চালমানে বিগত সময়ছোৱাত মহিলাক গাড়ী চলোৱাৰ অধিকাৰ, কোনো পুৰুষ অভিভাৱক অবিহনে ফুৰা-চকাৰ অধিকাৰকে ধৰি ভালেমান সংস্কাৰ মূলক কাম-কাজৰ দ্বাৰা দেশখনৰ নাৰী সমাজলৈ প্ৰভূত পৰিৱৰ্তন আনিছে।

মন্তব্য দিয়ক

Your email address will not be published.