লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ১৬ ছেপ্তেম্বৰ,২০২২ত শান্তিনিকেতনৰ সৃজনীত মঞ্চস্থ হব ৷ বোলপুৰ নৃত্য নিকেতন ড্যান্স গ্ৰুপ এণ্ড স্কুলৰ দ্বাৰা আয়োজন কৰা ৰাষ্ট্ৰীয় নাট মহোৎসৱ “বঙ্গ নাট্য ৰং ফেষ্টিভেল”ত এই নাটকখন মঞ্চস্থৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে৷ দয়াল কৃষ্ণ নাথৰ পৰিচালনা ও পৰিকল্পনাৰে কুশল ডেকাৰ ৰচিত নাটক “কড়োৱা চচ” নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটক খনিত অভিনৱ থিয়েটাৰৰ শিল্পী ৰবি কুমাৰ ৰঞ্জন, নিকিতা গুপ্তা, দয়াল কৃষ্ণ নাথ, কৰুনা কৃষ্ণ নাথ, তৰুন কৃষ্ণ নাথ, আনজাৰুল হক, বৰুন কৰ, প্ৰনৱ মহন্ত আৰু শিশু শিল্পী আবৃতা কৰে অভিনয় কৰিছে৷ উল্লেখযোগ্য যে এই নাটকখনি ইতিমধ্যে কলিকতা, প্ৰয়াগৰাজ, শান্তিনিকেতন, চান্থিয়াকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত অনুস্থিত নাট্য মহোৎসৱত মঞ্চস্থ কৰি সমাদৰ পাবলৈ সক্ষম হৈছে৷