অভিনৱ থিয়েটাৰ প্ৰকল্পত নাটকৰ অন্তৰংগ আলাপ আৰু নাটক দূত ঘটোৎকচ মঞ্চস্থ

0 47

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত যোৱা ১৩ আগষ্টৰ সন্ধিয়া ৬বজাত এখনি হিন্দী নাটক “দূত ঘটোৎকচ” মঞ্চস্থ কৰা হয়। প্ৰতি মাহত অভিনৱ থিয়েটাৰৰ দ্বাৰা অনুষ্ঠিত কৰি অহা “নাটকৰ অন্তৰংগ” আলাপৰ লগত সংগতি ৰাখি বিহাৰ বেগুচৰাইৰ নাট্য গোষ্ঠী “আস্থা ৱেলফেয়াৰ চছাইটি”ৰ দ্বাৰা ৰবি ৰঞ্জন কুমাৰৰ পৰিচালনাত মহাকবি ব্যাসৰ ৰচিত সংস্কৃত নাটক “দূত ঘটোৎকচ” ৰ ভাৰতৰত্ন ভাৰ্গৱৰ হিন্দী অনুবাদ একেই নামৰ নাটকখনিত অভিনৱ থিয়েটাৰৰ শিল্পী সকলে অভিনয় কৰে।এই নাটকখনি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অন্তৰ্গত সংগীত নাটক অকাডেমীৰ অৰ্থৰে মঞ্চস্থ কৰা হৈছিল। সাহায্যৰে নাটকৰ আদান প্ৰদানেৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সমন্বয় গঢ়াৰ লক্ষ্যৰে অভিনৱ থিয়েটাৰে এলানি নাটক কাৰ্য্যসূচী গ্ৰহণ কৰিছে। এই নাটকৰ অন্তৰংগ আলাপ অনুষ্ঠানত মংগলদৈৰ জেংৰাই অসম নাট্য গোষ্ঠীৰ সঞ্চালক বিশ্বজিৎ ডেকা, ঢকুৱাখানা নাট্য বিদ্যালয়ৰ সচিব গণেশ চমুৱা, নাট্যকৰ্মী জয়ন্ত বৰা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ছিকিম কেন্দ্রৰ নাটকৰ স্নাতক হেমন্ত ফুকনে বক্তা হিচাপে অংশ গ্ৰহণ কৰি নাটকৰ জগতখনৰ লগত কেনেকৈ জড়িত হৈ পৰি অৱদান আগবঢ়াইছে এই বিষয়ে আলোকপাত কৰে। অনুষ্ঠানৰ আঁত ধৰে দয়াল কৃষ্ণ নাথে। বন্তি প্ৰজ্বলিত কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সাহিত্যিক মহেশ্বৰ নাথে। নাটক দূত ঘটোৎকচত অভিনয় কৰে ৰবি ৰঞ্জন কুমাৰ, তৰুন কৃষ্ণ নাথ, স্বপ্নিল নাথ, মনোজ কুমাৰ,পুলকেশ বড়ো, কাজল শইকীয়া,বন্তী হাজৰীকা,মাইনী শইকীয়া,অৰ্চনা নাথ, মনিষা বৰা আৰু মনিকা বৰাই। নাটকৰ পৰিচালনা উপদেষ্টা দয়াল কৃষ্ণ নাথৰ। ৰূপসজ্জা জয়ন্ত বৰাৰ। মহাভাৰতৰ কাহিনীৰ ওপৰৰ আধাৰিত এই নাটকখনি উপভোগ কৰি দৰ্শক বৃন্দ আপ্লুত হোৱা বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.