উত্তৰ লখিমপুৰ, ১০ জুলাইঃ অভিনৱ থিয়েটাৰৰ দ্বাৰা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীত একেলগে দুটা স্থানত শিশু নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালা এটা ১১ জুলাইৰ পৰা ২৫ জুলাইলৈকে প্ৰনৱ মহন্তৰ পৰিচালনাত পূৱ ফুলবাৰী যদুমণি কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত আৰু আনটো অহা ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে তৰুণ কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা হব। দুয়োটা কৰ্মশালাতে অসমৰ বহুকেইজন গণ্যমান্য নাট্য বিশেষজ্ঞই পাঠদান কৰিব। লখিমপুৰ জিলাৰ শিশুক নাটকৰ ৰসস্বাদন কৰোৱাবলৈ অভিভাৱকলৈ অনুৰোধ জনাইছে অভিনৱ থিয়েটাৰৰ দয়ালকৃষ্ণ নাথে।

পূৰ্বৱৰ্তী লেখা