অভিনৱ থিয়েটাৰ শিশু নাট কৰ্মশালাৰ শুভাৰম্ভ

0 13

উত্তৰ লখিমপুৰ, ১২ জুলাইঃ অভিনৱ থিয়েটাৰৰ দ্বাৰা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীত একেলগে দুটা স্থানত আয়োজন কৰা শিশু নাট কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়। ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে তৰুন কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা কৰ্মশালাৰ আজি এক উদ্বোধনী সভাৰে শুভ উদ্বোধন কৰা হয়। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ফুলবাৰী শাখা সাহিত্য সভাৰ সভাপতি মহেশ্বৰ নাথ, নাওবৈচা শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য্য লোহিত নাথ, নাট্য কৰ্মী প্ৰনৱ মহন্ত,নাট্য কৰ্মী বিপুল নেওগে। অনুষ্ঠানৰ আতঁ ধৰে তৰুন কৃষ্ণ নাথে। এই কৰ্মশালাত ভাৰতৰ বিভিন্ন ঠাইৰ বহুকেইজন নাট্য বিশেষজ্ঞই পাঠদান কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.