শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ আগষ্ট : শাসনলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন আত্মনিৰ্ভৰশীল ভাৰতৰ আহ্বান জনাইছিল। তেওঁ কৈছিল, আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ভৰিৰ ওপৰত থিয় হ’ব লাগে। সেই নিৰ্ভৰতাৰ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা চক্ৰত দুটা ‘দেশীয় কুকুৰ’ সংযোজন হ’বলৈ গৈ আছে। সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ বাবে দেশৰ ‘মুধল হাউণ্ড’ কুকুৰ মোতায়েন কৰা হ’ব। বিশেষ সুৰক্ষা গোটে কেনিন গৱেষণা আৰু তথ্য কেন্দ্ৰৰ পৰা দুটা কুকুৰ পোৱালি লৈছে। এই বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডো বাহিনী প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত আছে বুলি ক’লে ভাল হ’ব। জানিব পৰা মতে, ২৫ এপ্ৰিলত এছ পি জিয়ে কৰ্ণাটকৰ তিম্মাপুৰত অৱস্থিত কেনিন ৰিচাৰ্চ চেণ্টাৰলৈ বিশেষ দল প্ৰেৰণ কৰিছিল। সেই দলটোত দুজন ডাক্তৰ আৰু কেইজনমান কমাণ্ডো আছিল। ইতিমধ্যে দুমহীয়া পোৱালি কেইটাৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। এই প্ৰশিক্ষণ চাৰি মাহলৈকে চলিব। প্ৰশিক্ষণৰ চূড়ান্ত পৰ্যায় সম্পূৰ্ণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ অধীনত তেওঁলোকক মোতায়েন কৰা হ’ব। মন কৰিবলগীয়া যে ‘মুধল হাউণ্ড’ কুকুৰবিধ প্ৰাচীন কালৰে পৰা কৰ্ণাটকত বিখ্যাত। সেই সময়ত এই জাতটোক ৰজা আৰু চিকাৰীয়ে অতিশয় পছন্দ কৰিছিল। প্ৰায় ২০-২২ কিলোগ্ৰাম ওজনৰ এই কুকুৰবিধৰ মূৰ সৰু, পাতল আৰু দীঘল। শাৰীৰিক বৈশিষ্ট্যৰ বাবে ইহঁতৰ অতি বেগেৰে দৌৰাৰ ক্ষমতা থাকে। ইয়াৰ পূৰ্বেও কেইবাবাৰো প্ৰধানমন্ত্ৰীৰ মুখত হাউণ্ডৰ প্ৰশংসা শুনিবলৈ পোৱা গৈছে। ‘দেশী কুকুৰ’ক নিৰাপত্তা সংস্থা আৰু সেনাবাহিনীত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল মোদীয়ে। প্ৰসংগক্ৰমে বিগত জুলাই মাহত বিহাৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল দুই সন্ত্ৰাসবাদী। এই দুই সন্ত্ৰাসবাদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। বিশেষ প্ৰশিক্ষণো লৈছিল। পাকিস্তান, বাংলাদেশ, তুৰস্ক আদি দেশৰ পৰা উগ্ৰপন্থী দুটালৈ নিয়মিতভাৱে ধন প্ৰেৰণ কৰা হৈছিল। আৰক্ষীয়ে অনুমান কৰিছিল যে এই ধন ভাৰতত বিধ্বংসী কাৰ্যকলাপ চলোৱাৰ বাবে কৰা হৈছে। এই সময়তে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা সুদৃঢ় কৰাৰ বাবে এছ পি জিয়ে ‘মুধল হাউণ্ড’ ব্যৱহাৰ কৰিবলৈ ওলাইছে।