অম্বুবাচীত এইবাৰ নাথাকিব মেলা সদৃশ পৰিৱেশ

0 15

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ ক’ভিড মহামাৰীৰ দুবছৰীয়া বিভীষিকাৰ পাছত বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলাৰ বাবে সাজু হৈছে নীলাচল পাহাৰ। ২২ জুনৰ পৰা মা কামাখ্যা মন্দিৰত আৰম্ভ হ’ব অম্বুবাচী মেলা। ২২জুনৰ সন্ধিয়া ৮.১৫ মিনিটত ভক্তৰ বাবে বন্ধ হ’ব মা কামাখ্যাৰ দুৱাৰ। ২৬ জুনত পুনৰ ভক্তৰ বাবে মুকলি কৰা হ’ব মন্দিৰৰ দুৱাৰ। ক’ভিড পৰিস্থিতি উন্নত হৈছে যদিও এইবাৰো অম্বুবাচী মেলাক লৈ কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দেৱালয় কৰ্তৃপক্ষই। এইবাৰ বহিঃৰাজ্যৰ ভক্তৰ বাবে নাথাকিব থকা-খোৱাৰ ব্যৱস্থা। অম্বুবাচীৰ সময়ত কোনো লোকে দিব নোৱাৰিব অস্থায়ী বিপণী। পূৰ্বৰ দৰে এইবাৰ অম্বুবাচীত নাথাকিব মেলা সদৃশ পৰিৱেশ। সকলো ভক্তকে ক’ভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.