অর্ধেকৰো কম দামত পেট্র’ল-ডিজেল !

নৰেন্দ্র মোদী চৰকাৰৰ বিশেষ পৰিকল্পনা

0 65

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’ : পেট্র’ল-ডিজেলৰ ক্রমবর্ধমান মূল্যস্ফীতিৰ মাজতে সাধাৰণ মানুহৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্রেই পেট্র’ল আৰু ডিজেলৰ দাম কমোৱাৰ ঘোষণা দিব পাৰে চৰকাৰে। সূত্রৰ মতে, পহিলা এপ্রিল, ২০২৩ৰ পৰা ২০ শতাংশ ইথানল মিশ্রিত পেট্র’ল-ডিজেল বিক্ৰী কৰা পেট্র’ল পাম্পবোৰত পোৱা যাব। আচলতে চৰকাৰে বিগত কেইবা বছৰ ধৰি পেট্র’লৰ ক্রমবর্ধমান দাম নিয়ন্ত্রণত ইথানল মিশ্রণৰ ওপৰত জোৰ দি আহিছে।

* চৰকাৰৰ পৰিকল্পনা কি?
পেট্র’ল-ডিজেলৰ ক্রমাগত দাম বৃদ্ধিয়ে মানুহৰ পকেট খালী কৰিছে। এতিয়া চৰকাৰে এই খৰচ কমাবলৈ ইথানল ব্লেন্ডিঙৰ ওপৰত জোৰ দিছে। ইয়াৰ আওতাত চৰকাৰে ২০২৫ চনৰ ভিতৰত পেট্র’লত ২০ শতাংশ পর্যন্ত ইথানল মিলোৱাৰ লক্ষ্যমাত্রা নির্ধাৰণ কৰিছে। যদিও ইয়াৰ পূৰ্বে ২০৩০ চনৰ ভিতৰত এই লক্ষ্যমাত্রা অর্জনৰ পৰিকল্পনা আছিল, যিটো পিছত কমাই অনা হয়। লক্ষণীয় যে, ইথানলৰ দাম প্রতি লিটাৰত মাত্র ৬২ টকা হ’ব আৰু এই কাৰণেই পেট্র’লিয়াম মন্ত্রী নীতিন গাডকাৰীয়ে এই বিষয়ে বিশেষ পৰিকল্পনা কৰিছে। উল্লেখযোগ্য যে, চৰকাৰে শস্য আৰু অন্যান্য বর্জ্যৰ পৰা ইথানল তৈয়াৰৰ পৰিকল্পনা কৰিছে। তদুপৰি চৰকাৰে গ্রীন হাইড্রজেনৰ ওপৰতো মনোযোগ বঢ়াইছে।

* ভেট কমাবলৈ ৰাজ্যসমূহক আহ্বান
প্রতিদিন ৬ কোটি মানুহ দেশৰ পেট্র’ল পাম্পলৈ যায় আৰু ৫০ লাখ বেৰেল প্রতিদিনে দৰকাৰ হয়। বর্তমান ডিজেলৰ ওপৰত OMCৰ আণ্ডাৰ ৰিকভাৰি প্রতি লিটাৰত ২৪-২৬ টকা আৰু পেট্র’লত সেয়া ৯-১১ টকা। এনে পৰিস্থিতিত, অশোধিত তেলৰ দাম কমিলেই পেট্রল আৰু ডিজেলৰ দাম কমিব বুলি আশা কৰা হৈছে। ইফালে বিশ্বৰ বজাৰত অপৰিশোধিত তেলৰ দাম বেছ কিছু বাঢ়িছে। ব্রেন্ট ক্রুডৰ ফিউচাৰ দৰ ৬৪ সেন্ট বা ০.৬ শতাংশ কমি বেৰলে প্রতি ১১০.৯১ হৈছিল। কিন্তু ক্ষণিকতেই সেয়া বাঢ়ি পুনৰ ১১৫ ডলাৰ চুইছে। যিটো প্রায় ৭ সপ্তাহৰ ভিতৰত সর্বোচ্চ। ৰাছিয়াৰ বিৰুদ্ধে ইউৰোপৰ বাকী দেশবোৰৰ নিষেধাজ্ঞাসহ অপর্যাপ্ত যোগানৰ চাপত অনেকখিনি বাঢ়িছে প্রাকৃতিক গেছৰ দাম। ইফালে দেশৰ বজাৰত এমাহৰো বেছি সময় ধৰি পেট্র’ল-ডিজেলৰ দাম কমাৰ নাম নাই। অগ্নিমূল্য ইন্ধনৰ বাবে সাধাৰণ মানুহে ত্ৰাহি মধুসূদন সোঁৱৰিবলগীয়া হৈছে। পেট্র’লৰ সমান্তৰালভাৱে বহু চহৰত ডিজেলৰ দৰে চেঞ্চুৰি কোবাইছে।

 

মন্তব্য দিয়ক

Your email address will not be published.