অশ্বিনী বৰুৱালৈ ‘কস্তুৰীৰ শ্ৰেষ্ঠ গল্প সংকলন’ৰ সন্মান, বঁটা প্ৰদান

0 41

গুৱাহাটী, ২৭ এপ্ৰিলঃ  গুৱাহাটী প্ৰেছ ক্লাবত কস্তুৰী প্ৰকাশন আৰু দত্ত প্ৰকাশনৰ উদ্যোগত এখনি গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভা অলপতে অনুষ্ঠিত হয় ।  সভাত কস্তুৰী প্ৰকাশন আৰু দত্ত প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত প্ৰয়াত শৰৎ চন্দ্ৰ দত্ত আৰু কবি, অধিবক্তা দিব্যজ্যোতি দত্তৰ চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয় ।  সভাতে কস্তুৰী প্ৰকাশনৰ দ্বাৰা আয়োজিত ‘সাহিত্য প্ৰতিযোগিতা-২০১৮’ৰ গল্প শাখাত প্ৰথম স্থান লাভ কৰি মুক্তিযোদ্ধা, কবি, প্ৰয়াত শৰৎ চন্দ্ৰ সোঁৱৰণী দত্ত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট সাহিত্যিক অশ্বিনী বৰুৱাৰ ‘আলিপুৰ দুৱাৰত সন্ধিয়া’ শীৰ্ষক সংকলনটোৰ বাবে তেখেতক বঁটা প্ৰদান কৰা হয় । উক্ত বঁটাত এখনি চেলেং চাদৰ, ফুলাম গামোচা, জাপি, গ্ৰন্থৰ টোপোলা আৰু এটি স্মাৰকেৰে তেখেতৰ হাতত বঁটা তুলি দিয়ে বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক, অভিনেতা ব্ৰজেন বৰা আৰু প্ৰকাশনৰ দুই স্বত্বাধিকাৰী ক্ৰমে দিব্যজ্যোতি দত্ত আৰু ৰেৱকান্ত বৰাই।

মন্তব্য দিয়ক

Your email address will not be published.