অসমত পুনৰ গ্ৰেপ্তাৰ পি এফ আইৰ ২৫ নেতা-কৰ্মী

0 7
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ ছেপ্টেম্বৰঃ ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান। অসমতো অব্যাহত আছে ব্যাপক অভিযান। অসমত পুনৰ ২৫ জন পি এফ আই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে নিশাৰ পৰা আজি পুৱালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত আৰক্ষীৰ জালত পৰিল ২৫ জন পি এফ আইৰ নেতা-সদস্য। আৰক্ষীৰ সূত্রই জনোৱা মতে নতুনকৈ গ্ৰেপ্তাৰ কৰা পি এফ আইৰ ২৫ জন সদস্যৰ ভিতৰত আছে কামৰূপ ৫ জন, গোৱালপাৰাৰ ১০ জন, কৰিমগঞ্জৰ এজন, ওদালগুৰিৰ এজন, দৰঙৰ এজন, ধুবুৰীৰ ৩ জন, বৰপেটাৰ দুজন আৰু বাক্সাৰ দুজন। আঠখন জিলাত চলোৱা অভিযানত পি এফ আইৰ ২৫ জন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হয়।
মন্তব্য দিয়ক

Your email address will not be published.