অসমত বান পৰিস্থিতি আজিও শোচনীয়ঃ ক্ষতিগ্ৰস্ত ২৫ লাখৰো অধিক লোক

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুন : কিছু কিছু অঞ্চলত জলস্তৰ হ্ৰাস পাইছে যদিও আজি ২৬ জুনতো অসমৰ বান পৰিস্থিতি সংকটজনক হৈয়েই আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত থকা কাছাৰ জিলাৰ শিলচৰ পৰিদৰ্শন কৰি বৰাক উপত্যকাত বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া আপডেট অনুসৰি ৭৯টা ৰাজহ চক্ৰৰ ২৮৯৪খন গাঁৱকে ধৰি ৰাজ্যৰ ২৭খন বানপীড়িত জিলাত ২৫ লাখৰো অধিক লোকে এতিয়াও অসুবিধাৰ সন্মুখীন হৈছে। বিগত দুসপ্তাহ ধৰি বানপানী আৰু ভূমিস্খলনৰ সৈতে যুঁজি থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ ৬৩৭টা সাহায্য শিবিৰত ২.৩৩ লাখ লোকে আশ্ৰয় লৈছে। এ এছ ডি এম এৰ বুলেটিনত কোৱা হৈছে যে, ২৫৯ টা বিতৰণ কেন্দ্ৰ বা অস্থায়ীভাৱে মুকলি কৰা কেন্দ্ৰৰ জৰিয়তে আশ্ৰয় শিবিৰত নথকা বানাক্ৰান্তক সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে। এছ ডি আৰ এফ, ফায়াৰ এণ্ড ইমাৰ্জেন্সি চাৰ্ভিচেছৰ দৰে ৰাজ্যিক বাহিনী, আৰক্ষী আৰু এ এছ ডি এম এৰ স্বেচ্ছাসেৱকৰ বাহিৰেও এন ডি আৰ এফে আক্ৰান্ত অঞ্চলৰ লোকসকলক নিৰাপদভাৱে উদ্ধাৰ কৰি অনাত জিলা প্ৰশাসনক সহায় কৰি আহিছে। এই পৰ্যন্ত ৬৭,২৩৭ জন লোকক বিভিন্ন সংস্থাই উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা বুলি বুলেটিনত উল্লেখ কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত ২৫ জুন শনিবাৰে বানপানীত আৰু চাৰিজন লোকৰ মৃত্যু হোৱাত এইবাৰ ৰাজ্যত বানপানী আৰু ভূমিস্খলনৰ ফলত মৃত্যু ঘটা লোকৰ সংখ্যা ১২১জনলৈ বৃদ্ধি পাইছে। কামৰূপ মহানগৰ জিলাত পুনৰ ভূমিস্খলনৰ খবৰ পোৱা গৈছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত গড়ে ৭ মিলিমিটাৰ বৰষুণ হৈছে। ১ মাৰ্চৰ পৰা ৰাজ্যখনত ১,৮৯১.৯০ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰা হৈছে। কেন্দ্ৰীয় জল আয়োগৰ বুলেটিন অনুসৰি নগাঁৱৰ ধৰমতুলত কপিলী নদী, কৰিমগঞ্জৰ বি পি ঘাটত বৰাক আৰু কাছাৰৰ এ পি ঘাটত বৰাক, কৰিমগঞ্জ নগৰত ইয়াৰ উপনৈ কুছিয়াৰাৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে।

মন্তব্য দিয়ক

Your email address will not be published.