শতাব্দ প্ৰতিনিধি তেজপুৰ, ২২ মে’
‘অসমীয়া অভিযন্তা’ৰ উদ্যোগত তথা তেজপুৰ বিশ্ববিদ্যালয় শিক্ষাৰ্থী পৰিষদৰ সহযোগত কালি তেজপুৰ বিশ্ববিদ্যালয়ত ‘সাহস’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।উল্লেখ্য যে, উদ্যোক্তা ‘অসমীয়া অভিযন্তা’ হৈছে ৰাজ্যখনৰ বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা গঠিত এটা সংস্থা।এই সংস্থাই পোনপ্ৰথমে এটা মনোৰঞ্জনধৰ্মী মুখপুথিৰ পৃষ্ঠা হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও যোৱা ক’ভিদকালীন সময়ছোৱাত ডিজিটেল সামাজিক মাধ্যমত বিভিন্ন শৈক্ষিক তথা সামাজিক অনুষ্ঠান আয়োজনৰে ‘অসমীয়া অভিযন্তা’ই নিজা কৰ্মক্ষেত্ৰ প্ৰসাৰিত হয়।বিভিন্ন প্ৰত্যাহ্বান তথা বাধা নেওচি সমাজৰ বিভিন্ন ক্ষেত্ৰত সংগ্ৰামৰ মাজৰে আগুৱাই যোৱা প্ৰতিভাধৰ আৰু সফল ব্যক্তিসকলৰ স’তে মত-বিনিময়ৰ উদ্দেশ্যৰে এই ‘সাহস’ শীৰ্ষক আলাপ অনুষ্ঠানটো কালি অনুষ্ঠিত হয়। ধাৰণা, জ্ঞান, সৃষ্টিশীলতা আৰু বিকাশৰ লক্ষ্যৰে আয়োজিত এই মত-বিনিময় অনুষ্ঠানত ৰাজ্যৰ ভিন ভিন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলক সেই সফল ব্যক্তিসকলৰ সংগ্ৰামী কাহিনীৰে প্ৰেৰণা দিয়াৰ এই যাত্ৰা ‘অসমীয়া অভিযন্তা’ ই তেজপুৰ বিশ্ববিদ্যালয় প্ৰাংগনৰ পৰাই শুভাৰম্ভ কৰে। অনুষ্ঠানটোত আমন্ত্ৰিত বিশেষ অতিথিৰূপে উপস্থিত থাকে যুৱ-সাংবাদিক চক্ৰপাণি পৰাশৰ, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ উপ-অধীক্ষক তথা বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতি আৰু যুৱপ্ৰজন্মৰ জনপ্ৰিয় চিত্ৰশিল্পী নীলিম মহন্ত। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ শুভম গোস্বামীয়ে আঁত-ধৰা অনুষ্ঠানটিৰ লক্ষ্য উদ্দেশ্য ব্যাখ্যা কৰে ‘অসমীয়া অভিযন্তা’ৰ সহ-প্ৰতিষ্ঠাপক মঞ্জুৰুল কৰিম হকে। আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁলোকৰ জীৱনৰ প্ৰত্যহ্বান আৰু প্ৰতিঘাতৰ মাজৰে আগবঢ়া সফলতাৰ কাহিনী ব্যক্ত কৰে। শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে আলাপ আৰু তেওঁলোকৰ সৈতে মত-বিনিময়ৰ মাজেৰে মনোগ্ৰাহী হৈ উঠা অনুষ্ঠানটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক পলাশ প্ৰতিম দত্ত আৰু অধ্যাপক মৌচুমী কন্দলীৰ উপৰি বহুকেইজন গণ্য-মান্য ব্যক্তিও উপস্থিত থাকে।
পৰৱৰ্তী লেখা