অসমৰ এক ইঞ্চি মাটিও অৰুণাচলক এৰি দিয়া নহ’বঃ অসমীয়া যুৱ মঞ্চ

 ৰঙা সংৰক্ষিত বনাঞ্চলত অসমীয়া যুৱ মঞ্চৰ অৰ্ধ উলংগ প্ৰতিবাদ

0 23

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৪ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰশাসনে অসমৰ ভূমিত শনিবাৰে অবৈধ ভাৱে তম্বু স্থাপন কৰাক লৈ আজি সৰৱ হৈ পৰে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটো। সংগঠনটোৱে আজি বিয়লি অসম অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ নাওবৈচাৰ ভিতৰিপামৰ শুকান নদীৰ বক্ষত নামি অৰ্ধ উলংগ হৈ অসমৰ এক ইঞ্চি মাটিও অৰুণাচলক এৰি দিয়া নহ’ব বুলি হুংকাৰ দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।অসমৰ এক ইঞ্চি মাটিতো হাত নিদিবলৈ অৰুণাচলী লোকক সকীয়াই দিয়ে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতা অনুপম শইকীয়াই । প্ৰয়োজন অনুসৰি অসমীয়া যুৱ মঞ্চই হাতত হেংদাং লৈয়ো অৰুণাচলীক খেদিবলৈ সাজু আছো বুলি হুংকাৰ দিয়ে । উল্লেখযোগ্য যে নাওবৈচা সীমান্তৱৰ্তী অসমৰ ভূমিত অৰুণাচলী লোকে আগ্ৰাসন চলাই স্থানীয় লোকক দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে। শেহতীয়াকৈ অৰুণাচলী একাংশ দুৰ্বৃত্তই ঐতিহাসিক ৰাজগড় আলিলৈকে অৰুণাচলৰ ভূমি বুলি দাবী জনায় পোষ্টাৰিং কৰাৰ লগতে কালি অসম চৰকাৰৰ মন্ত্ৰীক বিপথে পৰিচালিত কৰাৰ বাবে অসমৰ ভূমিত তম্বু স্থাপন কৰি সেই ভূমি অৰুণাচলৰ ভূমি বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰা বিষয়টোক সংগঠনটোৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।অৰুণাচলী লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে স্থানীয় বিধায়ক ভৰত নৰহে কোনো গুৰুত্ব প্ৰদান নকৰা বিষয়টোও গৰিহণা যোগ্য বুলি উল্লেখ কৰি বিধায়ক গৰাকী অনাগত সময় তীব্র গণৰোষৰ সন্মুখীন হবলৈ সাজু থাকিবলৈ সংগঠনটোৱে সকীয়াই দিয়ে। অসমৰ গৌৰৱ ৰঙা সংৰক্ষিত বনাঞ্চলক জীয়াই ৰাখিবলৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈয়ো আহ্বান জনায় সংগঠনটোৱে।

মন্তব্য দিয়ক

Your email address will not be published.